সোণাৰিবাসীয়ে সশ্ৰদ্ধ সোঁৱৰণ কৰিছে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাক।

আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্মদিন

 : আজি অসমীয়া গীতি-কাব্য সাহিত্যৰ অন্যতম স্ৰষ্টা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্ম দিন। ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌ নৈৰ পাৰৰ এটা সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা পাৰ্বতি প্ৰসাদ বৰুৱাই জীৱনৰ সৰহভাগ সময় সোণাৰিৰ "সোণালী পাম"ত থাকিয়েই ৰচনা কৰিছিল বহু চিৰসেউজ গীত, কবিতা তথা নাটক। চতুৰ্থ খন অসমীয়া বোলছবি 'ৰূপহী' ৰ নিৰ্মাতা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই যোৰহাটৰ সৰু চৰাই বাগিচাত থকা সময়তে সৃষ্টি কৰিছিল "জোনাকী মেল"ৰ। আনুষ্ঠানিকতা অবিহনে একোগৰাকী বৰ মেলুৱৈয়ে আঁত ধৰা জোনাকী মেলৰ জৰিয়তে খুদ খুদ জোনাকীৰ পোহৰেৰে জগত পোহৰ কৰাৰ সপোন দেখিছিল গীতিকবিয়ে। নিভাঁজ অসমীয়া থলুৱা শব্দৰ গাঁথনি, থলুৱা সুৰ প্ৰয়োগেৰে চিৰসেউজ গীত আৰু কবিতা ৰচনা কৰা গীতিকবি গৰাকীয়ে এটি কলি দুটি পাতেৰে ভৰপূৰ চাহ বাগিচাৰ মালিক হৈও সমাজ-সংস্কৃতিক বাদ নিদি আইনাম, বিয়ানাম, বৰগীত, বনগীতৰ সুৰ প্ৰয়োগেৰে অসমীয়া সংগীত জগতত এটা নতুন ধাৰাৰ সংযোজন কৰিছিল। ওপজা মাটিৰ সুবাসেৰে সুবাসিত বহু চিৰসেউজ গীত-কাব্য সাহিত্যৰ স্ৰষ্টা এইগৰাকী মহান অসমীয়াই প্ৰকৃতিৰ লগত খেল খেলি এটা সময়ত ভাগৰি পৰিল। ১৯৬৪ চনৰ ৭ জুন তাৰিখে নিয়তীয়ে কাঢ়ি নিলে গীতিকবি গৰাকীক। গীতিকবিৰ মৃত্যুৰ পাছৰ পৰাই যেন ক্ৰমশঃ নিস্তব্ধ হৈ পৰিল সোণাৰিৰ "সোণালী পাম"। যিটো বাসগৃহৰপৰাই বহু গীত-কবিতা-নাটক সৃষ্টি হৈছিল সেই "সোণালী পাম'' আজি অৱহেলিত-উপেক্ষিত।