মঙ্গলবাৰে গেৰজাই সৈতে একেলগে আদালতৰ চৌহদৰ পৰা পলায়ন কৰা সুন্তি দাস এতিয়াও মুকলি আকাশৰ তলত ।

মঙ্গলবাৰ দিনটোত আৰক্ষী বেষ্টনীৰ পৰা পলায়ন কৰা তিনিটাকৈ অপৰাধীৰ এটা যতীন তামুলীক সেইদিনাই কৰায়ত্ব কৰাৰ পিছত শুকুৰবাৰে পুৱা ঢকুৱাখনা মৰনৈ বেবেজীয়াৰ কিলাকেলিত ৰাইজৰ গণ প্ৰহাৰত গেৰজাই ওৰফে ৰাজু বৰুৱাৰ মৃত্যু হয়।

গেৰজাইৰ মৃত্যুৰ পিছত এতিয়া ৰাইজে স্বস্তিৰ নিশ্বাস  পেলাইছে যদিও ভিতৰি আন এক আতংকত ভুগিছে ঢকুৱাখনা ৰাইজ ।

কাৰণ গেৰজাই সৈতে একেলগে হত্যাৰ গোচৰত অভিযুক্ত সুন্তি দাসৰ কোনো শুং সূত্ৰ নোপোৱাত ভিতৰি চিন্তিত হৈ পৰিছে ৰাইজ।

আৰক্ষীয়ে অৱশ্যে সুন্তিক ধৰিব বহু ঠাইত জাল পেলাইছে যদিও কেনেদৰে সফল হয় সেইয়া সময়ত হে লক্ষনীয় হব।