পৱিত্ৰ ভাদ আৰম্ভ। ৰাজ্যৰ বিভিন্নপ্ৰান্তৰ সত্ৰ-নামঘৰসমূহৰ লগতে দেৰগাঁৱৰ মিছামৰাৰ মহিমামণ্ডিত  খনিকৰ পুথি নামঘৰ ভক্তি ৰসত বুৰ গৈছে।  দূৰ-দূৰণি পৰা অহা ভক্তপ্ৰাণ ৰাইজৰো সমাগম হৈছেহি নামঘৰ ভাগত।
উল্লেখণীয় যে এই খনিকৰ পুথিভাগ ২৫০বছৰৰো অধিক পুৰণি। খনিকৰ পুথি নামৰ পুথিভাগ দৰাচলতে মহাপুৰুষ গুৰু দুজনাৰ দ্বাৰা ৰচিত "কীৰ্তন" আৰু "নামঘোষাৰ" সাঁচিপতীয়া পুথিৰ সমষ্টি। সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখা এই পুথি দুখন সুদৃশ্য কাঠৰ বাকছত ৰখা হয়।