ছিপাঝাৰৰ ঘোঁৰাবান্ধা গাওঁ পঞ্চায়তৰ সভাপতিৰ আসন পুণৰ ঘূৰাই পালে হীৰকজ্যোতি নাথে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ৰায়ৰ ভিত্তিত বৃহস্পতিবাৰে গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত সভাপতিৰ আসন গ্ৰহণ কৰে সভাপতিগৰাকীয়ে।
পঞ্চায়তৰ সচীব আৰু আন কৰ্মীসকলৰ উপৰিও একাংশ স্থানীয় লোকে আদৰণি জনায় সভাপতি গৰাকীক।
২০২০ৰ জুলাই মাহত পঞ্চায়তটোৰ আঠ গৰাকী ৱাৰ্ড সদস্যই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিছিল সভাপতি হীৰকজ্যোতি নাথৰ বিৰুদ্ধে।
কোনো কাৰণ নোহোৱাকৈয়ে এক তৃতীয় শক্তিৰ প্ৰৰোচনাত সদস্যসকলে গ্ৰহণ কৰিছিল অনাস্থা প্ৰস্তাৱ।
হেৰুৱাবলগীয়া হৈছিল সভাপতিৰ আসন।
ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত মোকৰ্দমা তৰিছিল হীৰকজ্যোতি নাথে।
অৱশেষত ৯ আগষ্টত সভাপতি গৰাকীৰ পক্ষত ৰায় প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত দৰং জিলা প্ৰশাসনে ততাতৈয়াকৈ সভাপতি গৰাকীৰ পুণৰ যোগদানৰ ব্যৱস্থা গ্ৰহণ কৰে।
এই খবৰে আনন্দিত কৰি তুলিছে হীৰকজ্যোতি নাথৰ।