৫ জুন,২০২৩,ঔতলা:: দৰং জিলা সাহিত্য সভাৰ অন্যতম স্বৰ্ণ শাখা ঔতলা শাখা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।  দিৱসৰ সৈতে সংগতি ৰাখি ঔতলা শাখা সাহিত্য সভাৰ ভৱন চৌহদত এটি বকুল গছৰ পুলি ৰোপন কৰে শাখা সাহিত্য সভাৰ সভাপতি ভদ্ৰ কৃষ্ণ শইকীয়াই লগতে এটি নাহৰ গছৰ পুলি ৰোপন কৰে শাখা সাহিত্য সভাৰ উপদেষ্টা, অৱসৰপ্ৰাপ্ত জিলা গ্ৰন্হাগাৰিক সুৰেন নাথে। দুয়োগৰাকী বৃক্ষৰোপকে সেউজ পৰিবেশ বৰ্তাই ৰখাৰ উদ্দেশ্যে শাখা সাহিত্য সভাৰ প্ৰতিগৰাকী কৰ্মকৰ্তা আৰু সাহিত্যনুৰাগী ব্যক্তিক পৰিবেশ দিৱসৰ মহৎ লক্ষ্যত উপনীত হবলৈ বৃক্ষৰোপণেৰে কৰ্তব্য পালনৰ বাবে আহ্বান জনায়।‌

(Local News)

SCNU-05062023