বাইহাটা চাৰিআলিত নিশা চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ…বন বিভাগৰ একাংশ উচ্চপদস্থ বিষয়াৰ অনুশাসনহীনতা আৰু কৰ্তব্যৰ প্ৰতি থকা দায়িত্বহীনতাৰ বাবে এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ চোৰাং কাঠৰ সৰবৰাহ অব্যাহত আছে। কাঠৰ চোৰাং ব্যৱসায়িৰ সৈতে বিয়াগোম বিভাগটোৰ একাংশ উচ্চ পদস্থ বিষয়াৰ বুজাপৰা থকাৰ ফলতেই নিশা চোৰাং কাঠভৰ্তি ট্ৰাক নলবাৰীলৈ বুলি ৰাওনা হ’বলৈ সাহস পাই আহিছে।

এই ক্ষেত্ৰত বিশেষকৈ উওৰ কামৰূপৰ বনসংমণ্ডল বিষয়া চান্নিদেৱ চৌধুৰীয়ে গ্ৰহণ কৰা নিষ্ক্ৰিয় ভূমিকা আৰু চৰম অনুশাসনহীনতাৰ বাবেই নিজৰ দায়িত্বত থকা বন সংমণ্ডলৰ পৰিধিৰ ভিতৰতে ব্যৱসায়িয়ে এখনৰ পিছত আনখন ট্ৰাকত চোৰাং কাঠ ভৰ্তি কৰি আনি ৰম ৰমীয়া ব্যৱসায় চলাবলৈ সক্ষম হৈছে।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি যোৱা নিশা অৰুণাচলৰ পৰা দুখনকৈ ১৬ চকীয়া ট্ৰাকত চোৰাং কাঠ ভৰ্তি কৰি নলবাৰী অভিমুখে ৰাওনা হয়। কিন্তু বাইহাটা চাৰিআলি থানাৰ টহলদাৰী আৰক্ষীৰ সন্মুখেৰে এখন ট্ৰাক পাৰ হৈ যায় যদিও AS 01 NC 8013 নম্বৰৰ আনখন ট্ৰাক আৰক্ষীৰ তহলদাৰী দলে জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে প্ৰায় ৫০ লাখ টকা মূল্যৰ কাঠ থকা ট্ৰাকখন জব্দ কৰাৰ পিছতে পূৱ দিশে প্ৰায় ওৰাঙৰ সীমান্তবৰ্তী অঞ্চলৰ পৰা পশ্চিম দিশে প্ৰায় বৰপেটালৈকে থকা উত্তৰ কামৰূপ বনসংমণ্ডলৰ অধীনৰ বিষয়া কৰ্মচাৰীৰ ফোঁপোলা স্বৰূপটো পুনৰ বাৰ উদং হৈ পৰিছে। আজি সন্ধিয়া বাইহাটা আৰক্ষীয়ে জব্দ কৰা কাঠ ভৰ্তি ট্ৰাকখন আৰু দুজন কৰ্মচাৰীক উত্তৰ কামৰূপৰ বনসংমণ্ডল কাৰ্য্যালয়ৰ পৰা অহা এটা বনকৰ্মীৰ দলে নিজৰ জিম্মাত লৈ ৰঙিয়স্থিত কাৰ্য্যালয়লৈ লৈ যায়।