অসম পৰিবহন বিভাগে গুৱাহাটীৰ স্কুল বাছ পৰিচালকসকলক স্কুল বাছসমূহৰ ভিতৰত চিচি টিভি কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ প্ৰদা কৰিছে।

অসম পৰিবহন বিভাগে সোমবাৰে উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নীতি-নিৰ্দেশনা অনুসৰি ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয় কৰ্তৃপক্ষৰ বাবে কিছু নিৰ্দেশনা জাৰি কৰে।

কামৰূপ (মেট্ৰ’)ৰ সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে কয় যে পৰিবহন বিভাগৰ নিৰ্দেশ উলংঘা কৰিলে ১০ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব।

ইয়াৰ উপৰি, স্কুল বাছ আৰু শিক্ষাৰ্থী কঢ়িওৱা ভ্যানবোৰ হালধীয়া ৰঙৰ হ’ব লাগিব আৰু গাড়ীবোৰৰ সন্মুখ আৰু পিছফালে “স্কুল বাছ” বুলি লিখি ল’ব লাগিব। 

উল্লেখ্য যে শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সমূহ নিয়ম বান্ধি দিয়া হৈছে বুলি সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে কয়।