এইবাৰ বান সাহায্যৰ নামত জঘন্য বেহা বহিছে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চিনাই গোঁহাই গাঁওত । ৰাজহ চক্ৰটোৰ অন্তৰ্গত বৰদৈবাম পঞ্চায়তৰ চিনাই গোঁহাই গাঁওত মঙ্গলবাৰে ঘিলামৰা পশু পালন ও চিকিৎসা বিভাগে অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ পশু কুলৰ খাদ্যৰ বাবে যোগান ধৰিছিল পশু খাদ্য ভুচি । ঘিলামৰা পশু পালন বিভাগৰ একাংশ বেপৰোৱা কৰ্মচাৰীয়ে মঙ্গলবাৰে পুৱা বেলা গৈ গাঁওখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিৰ সমীপত উক্ত পশু খাদ্য সামগ্ৰী বিতৰণৰ বাবে অকৰ্তৃত্বশীল ব্যক্তিৰ হাতত দি থৈ উভতি আহে । কিন্তু ইয়াতে গঞা কৃষিজীৱী পৰিয়াল সমূহৰ মাজত এই চৰকাৰী পশু খাদ্য বিতৰণৰ নামত কমিছন সংগ্ৰহৰ এক নিকৃষ্ট বেহা মেলে দীপক গগৈ নামৰ এজন অৰ্থলোভী গেৰুৱা দলৰ তৃণমূলৰ নেতা আৰু ডিম্বেশ্বৰ গগৈ নামৰ এজন ব্যক্তিয়ে । দৰিদ্ৰ চহা পশু পালকৰ প্ৰাপ্য "ভুচি"ৰ বিপৰীতে পাঁচ আৰু দহ টকাকৈ মুকলি ভাবে দাবী কৰি অন্যথাই "ভুচি " লব নালাগে বুলি ককৰ্থনা কৰে এই অৰ্থলোভী গেৰুৱা নেতা জনে । বান সাহায্যৰ নামত মুকলি ধন সংগ্ৰহৰ বেহা মেলি সৰ্বশ্ৰান্ত বানাক্ৰান্তক টেঁটু চেঁপা দি বান সাহায্যৰ নামত কমিচন সংগ্ৰহ কৰা গেৰুৱা নেতা দীপক গগৈ আৰু স্তাৱক বাহিনীয়ে এই দাবী কৰা ধন জমা নিদিলে পশু খাদ্য বিতৰণ নকৰাৰ হুংকাৰ দিযাৰ বাবে ৰাইজে দিবলৈ বাধ্য হোৱা দেখা গল । সোৱণশিৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত গৈ এ পি আৰ প্ৰস্তত কৰা , খালি বস্তা জমা দিয়া আদি কোনে কৰিব বুলি প্ৰশ্ন তুলি এই লুণ্ঠনকাৰী চক্ৰটোৱে এই কমিচন আদায় নিদিলে পশু খাদ্য প্ৰদান নকৰো বুলি সকীয়াই দিয়া নিকৃষ্ট কাৰ্য সাংবাদিক সন্মুখতে সংঘটিত হল।। ফলত দৰিদ্ৰ পশু পালক সকলে অনিচ্ছা স্বত্তেও দালাল চক্ৰটোৱে দাবী কৰা কমিচন আদায় দি চৰকাৰী বান সাহায্য সংগ্ৰহ কৰিবলৈ বাধ্য হয়। স্মতব্য যে ঘিলামৰা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ এইক্ষেত্ৰত বেপৰোৱা ভূমিকা পৰিলক্ষিত হৈছে। কোনোধৰণৰ গাঁওবুঢ়া , পঞ্চায়ত সভাপতিৰ অনুপস্থিতিত এগৰাকী সাধাৰণ গেৰুৱা নেতাৰ হাতত কি উদ্দেশ্যেৰে এই চৰকাৰী বান সাহায্য বিতৰণৰ বাবে দায়িত্বহীন ভাবে দি আহিল পশুপালন বিভাগৰ কৰ্মচাৰীয়ে সেয়াও গভীৰ ৰহস্য আৰু তদন্তৰ বিষয় হিচাবে ধৰা দিছে । এই মুকলি কমিচন সংগ্ৰহৰ ঘৃন্য বেহাত এই সকল বিভাগৰ বিষয়া কৰ্মচাৰীও জড়িত থকাৰ সন্দেহ ৰাইজৰ হৈছে। সাংবাদিকৰ সন্মুখতে বান সাহায্যৰ নামত আৰম্ভ কৰা বেহা সন্দৰ্ভত জিলা প্ৰশাসনৰ নিৰপেক্ষ তদন্তৰ দাবী উত্থাপিত হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नाबालिग से दुष्कर्म कर फरार हुआ अभियुक्त, 48 घंटे में गिरफ्तार
कोटा।
कोटा ग्रामीण चेचट थाना पुलिस ने नाबालिग से दुष्कर्म के मामले में फरार आरोपी सुरेश...
માલધારી સમાજ માટે અગત્યનું, પશુ પાલન બીલ ની વિધાનસભા, ગાંધીનગર માં ચર્ચા, રઝળતા ઢોર નો ગંભીર પ્રશ્ન
માલધારી સમાજ માટે અગત્યનું, પશુ પાલન બીલ ની વિધાનસભા, ગાંધીનગર માં ચર્ચા, રઝળતા ઢોર નો ગંભીર પ્રશ્ન
11000 हजार हाईटेंशन तार की चपेट में आया 4 वर्षीय मासूम हालत नाजुक
पन्ना।
वार्ड 1 में 11000 KV हाईटेंशन तार की चपेट में आया 4 वर्षीय मासूम।
हालत नाजुक...
Seema Haider-Sachin Case: सीमा हैदर की रात से बगड़ी तबीयत | PUBG Love Story
Seema Haider-Sachin Case: सीमा हैदर की रात से बगड़ी तबीयत | PUBG Love Story
मा. पंतप्रधानांच्या रोजगार मेळावा संबोधनास ऑनलाईन उपस्थिती | नागपूर | उपमुख्यमंत्री देवेंद्र फडणवीस
मा. पंतप्रधानांच्या रोजगार मेळावा संबोधनास ऑनलाईन उपस्थिती | नागपूर | उपमुख्यमंत्री देवेंद्र फडणवीस