২৭ আৰু ৩০ জুলাইত চৰাইদেউ জিলাত উজ্বল ভাৰত, উজ্বল ভৱিষ্য শক্তি @২০৪৭ উদযাপনৰ আয়োজন

ভাৰতৰ স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ লগত সংগতি ৰাখি দেশজুৰি আয়োজন কৰা 'আজাদি কা অমৃত মহোৎসৱ'ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিদ্যুৎ বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত অহা ২৭ জুলাইত জিলাখনৰ নিমনাগড়ত আৰু অহা ৩০ জুলাইত সোণালীপুৰ গাঁৱত উজ্বল ভাৰত, উজ্বল ভৱিষ্য শক্তি @২০৪৭ উদযাপনৰ আয়োজন কৰা হৈছে। 

এই কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়া, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা। 

অনুষ্ঠানৰ অংশ হিচাপে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সজাগতা মূলক বাটৰ নাট আৰু শক্তি খণ্ডৰ সাফল্যৰ ওপৰত চুটি ছবি প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে।