প্ৰেমিকাক চুৰিকাঘাট কৰি আত্মহত্যা প্ৰেমিকৰ।

গুৰুতৰ ভাবে আহত যুৱতীক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।

এই মুহূৰ্ত লৈকে দুয়োগৰাকীৰ নাম জানিব পৰা হোৱা নাই যদিও যুৱতী গৰাকী বঙাইগাঁৱৰ আৰু যুৱকজনৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে।

টীয়কৰ কাকজানত সংঘটিত হৈছে এই ঘটনা। টীয়কৰ কাকজানত ভাড়াটীয়া হিচাপে আছিল যুৱতী গৰাকী।