গড়মূৰস্থ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত আজি সৰ্পদংশনৰ এক ব্যতিক্ৰমী মূলক সজাগতা অনুষ্ঠানৰ আয়োজন কৰে । সৰ্পদংশনৰ বিনামূলীয়া চিকিৎসা পদ্ধতি যে মাজুলীৰ জিলা চিকিৎসালয়খনত সহজে পাব পাৰি, সেই সন্দৰ্ভত ৰাইজক সজাগ সৃষ্টি কৰিবলৈ মাজুলী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত, বিশিষ্ট লেখিকা লক্ষিমী শইকীয়া বৰাৰ সহযোগিতাত উক্ত সৰ্পদংশনৰ সজাগতা অনুষ্ঠান আয়োজন কৰে । আজি দুপৰীয়া বাৰ বজাৰ পৰা গড়মূৰ জিলা চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা উক্ত সজাগতা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মাজুলীৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ শশীধৰ ফুকনে । সাংবাদিক যদু কলিতাই আঁতধৰা উক্ত সৰ্পদংশনৰ চিকিৎসা সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভাত সভাপতিত্ব কৰে মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াই । সভাত আদৰণী ভাষন আগবঢ়াই ডাঃ শশীধৰ ফুকনে । উক্ত সজাগতা সভাখন উদ্বোধন কৰে ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱকুমাৰ গামে । সভাত বিশিষ্ট অতিথি হিচাপে মাজুলীৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ মানিক মিলি, বিশিষ্ট সমাজকৰ্মী বীৰেন শইকীয়া, পীতাম্বৰদেৱ গোস্বামী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ প্ৰৱক্তা ভবেন কাকতি, ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ অমূল্য গোস্বামী, ডাঃ জুনিতা দাস, মাজুলী জিলা সাংবাদিক সন্থাৰ সম্পাদক দীপু বৰায়ে ভাষন প্ৰদান কৰে । উক্ত, সজাগতা সভাত সমল ব্যক্তি হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট সৰ্পদংশনৰ চিকিৎসক, শিৱসাগৰ ডিমৌৰ সামূহিক চিকিৎসালয়ৰ চেতনানাশক চিকিৎসক ডাঃ সুৰজিত গিৰিয়ে অংশগ্ৰহণ কৰি দীৰ্ঘ সময় বক্তৃতা দিয়ে । ডা০ গিৰিয়ে অসমত পোৱা বিষাক্ত আৰু বিষহীন সকলো সাপৰ তালিকা ফটোসহ ৰাইজক তন্ন তন্নকৈ বুজাই দিয়ে । সৰ্পদংশনৰ বাবে সৰ্বপ্ৰথমে চিকিৎসালয়লৈ আনি ৰোগীৰ লক্ষণ পৰীক্ষা কৰি বিষাক্ত সাপৰ ক্ষেত্ৰত কিদৰে এন্টিভেনম দিব লাগিব, কিমান পৰিমানৰ দিব লাগিব সেই বিষয়েও চিকিৎসক, চিকিৎসাকৰ্মী, সামূহিক চিকিৎসা বিষয়া, স্বাস্থ্য কৰ্মী সকলক সৱিশেষ বুজাই দিয়ে । তেওঁ, প্ৰশিক্ষণ প্ৰাপ্ত সকলো চিকিৎসা কৰ্মীয়ে বিনাসংকোচে এন্টিভেনম দিব পাৰে বুলি কৈ যি কোনো ধৰণৰ চিকিৎসালয়ত আই চি ইউ নোহোৱাকৈও এন্টিভেনম দিব পাৰে বুলি জনায় । ডাঃ গিৰিয়ে প্ৰজেক্টৰৰ সহায়ত ডিমৌ চিকিৎসালয়ত থকা সৰ্পদংশনৰ ব্যৱস্থাৱলী দেখুৱাই ৰাইজক সাপ বধ নকৰিবলৈ আহ্বান জনায় । ডাঃ গিৰিয়ে সাপে খুটিলে ৰোগীক সৰ্ব প্ৰথমে চিকিৎসালয়লৈ আনিবলৈ পৰামৰ্শ প্ৰদান কৰে ।

    উক্ত সজাগতা সভাত মাজুলীৰ বিশিষ্ট লেখিকা, সমাজ সচেতন মহিলা লক্ষিমী শইকীয়া বৰাই যোৱা ১২ জুলাইত বিষাক্ত সৰ্পদংশনৰ সকলো অভিজ্ঞতা সভাত প্ৰকাশ কৰি তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত ডাঃ সুৰজিত গিৰি, ডাঃ মানিক মিলি আৰু ডাঃ জুনিতা দাসে লোৱা ভূমিকাক শলাগ লয় । সভাত, এন্টিভেনম দি আৰোগ্য লাভ কৰা লক্ষিমী শইকীয়া বৰাই তেওঁৰ সৰ্পদংশনৰ অভিজ্ঞতা আৰু চিকিৎসা বৰ্ণনা কৰি লিখা " সৰ্পদংশন আৰু সংগ্ৰাম" কিতাপখন আজি উক্ত সজাগতা অনুষ্ঠানত উন্মোচন কৰা হয় । লক্ষিমী শইকীয়া বৰাৰ উক্ত সজাগতা মূলক গ্ৰন্থখন যুটীয়া ভাৱে উন্মোচন কৰে ডাঃ সুৰজিত গিৰি আৰু ডাঃ মানিক মিলিয়ে । আজিৰ উক্ত, সভাত মাজুলীৰ বিভিন্ন প্ৰান্তৰ চিকিৎসা বিষয়া, স্বাস্থ্য কৰ্মী, সামূহিক চিকিৎসা বিষয়া আদিয়ে অংশগ্ৰহণ কৰে । সভাত বিশিষ্ট কবি পাৰুল বৰা মিলিয়ে এটা স্বৰচিত কবিতা পাঠ কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । সভাৰ শেষত , বিশিষ্ট লেখিকা লক্ষিমী শইকীয়া বৰাই আজিৰ তেওঁৰ জন্মদিন উপলক্ষে মাজুলীৰ উক্ত জিলা চিকিৎসালয়ত ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে