‘সমন্বয় আৰু সমাজ সংস্কাৰৰ বাৰ্তাবাহক’ 

বহুমুখী প্ৰতিভাৰ আকৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, মুক্তিযোদ্ধা,শিক্ষাবিদ,সাহিত্যিক,গণশিল্পী, সমাজপ্ৰাণ প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামৰ ৩৮ সংখ্যক মৃত্যু বাৰ্ষিকীত অহা ৩০ আগষ্টত মিচিং স্বায়িত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু মাজুলীৰ বিশিষ্ট ব্যক্তি আৰু মিচিং জাতীয় সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত গঠন হোৱা উদযাপন সমিতিৰ সহযোগত গড়মূৰ পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত মিচিং স্বায়িত্ব শাসিত পৰিষদৰ বিত্তীয় পুঁজিৰে নিৰ্মিত প্ৰতিমূৰ্তি উন্মোচন আৰু দিনজোৰা কাৰ্যসূচীৰে এখনি বৰ্ণাঢ্য অনুষ্ঠানেৰে উক্ত দিনা"প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামৰ কৰ্মজীৱন" শীৰ্ষক ৰচনা,পামেগাম দেৱৰ আলোকচিত্ৰ অংকন প্ৰতিযোগিতা আয়োজন কৰিছে । ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বাবে নিয়মাৱলী ৰাখিছে। নিয়মাৱলী সমূহ হ'ল :১/ লিখিত ৰচনা আৰু আলোক চিত্ৰ সমূহৰ লগত প্ৰতিযোগী সকলে নিজৰ সম্পূৰ্ণ ঠিকনা আৰু যোগাযোগৰ নম্বৰ লিখাটো বাধ্যতামূলক।

২/ বিচাৰক আৰু সমিতিৰ সিদ্ধান্তক চূড়ান্ত সিদ্ধান্ত হিচাপে ঘোষণা বিবেচনা কৰা হ'ব।

৩/ স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক ৩০ আগষ্ট উক্ত দিনা ৰাজহুৱাকৈ নগদ ধন আৰু বঁটা প্ৰদান কৰা হ'ব।

৪/ প্রতিযোগী সকলৰ অন্তিম তাৰিখ ২৭ আগষ্ট ২০২২ আৰু লিখিত ৰচনা আৰু আলোকচিত্ৰ সমূহ G-mail যোগে( liyardregon517@gamil.com আৰু narahu450@gmail.com) PDF কৰি পঠাব লাগিব।

৫/নিয়ম বৰ্হিভূত ৰচনা আৰু অংকিত আলোকচিত্ৰ প্ৰতিযোগিতাৰ মূল্যায়নৰ কাৰণে বিবেচনা কৰা নহব। যি সকল প্ৰতিযোগিয়ে ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিছাৰে স্মৃতি দিৱস উদযাপন সমিতিৰ 

সভাপতি ডঃ নৱ কুমাৰ গাম, কাৰ্যকৰী সভাপতি উমা পাঠৰী, সম্পাদকদ্বয় কাজল দত্ত আৰু ভবান্দ হাজৰিকাৰ লগত যোগাযোগ কৰিবৰ এক প্ৰেছ বিবৃত্তি যোগে সম্পাদক লিয়াৰ্ড প্ৰতীম ৰেগন জনাইছে যোগাযোগৰ ফোন নম্বৰ ৯১০১৬২৭৭১৯, ৯১০১১৩২৬৭৫, ৭০০২০১৭৮০০, ৯৪০১৮৩১২৮৫