গুৱাহাটীত অনুষ্ঠিত হোৱা সদৌ অসম পাঞ্জা প্ৰতিযোগিতাত ধেমাজি জিলা পাঞ্জা দলে শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰি জিলালৈ কঢ়িয়াই আনিছে গৌৰৱ

যোৱা ২৩ আৰু ২৪ জুলাইত গুৱাহাটীত সদৌ অসম পাঞ্জা সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ অসম পাঞ্জা প্ৰতিযোগিতাত ধেমাজিৰ পৰা যোৱা পাঞ্জা দলে শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উক্ত প্ৰতিযোগিতাখনিত ধেমাজিৰ পৰা দলটোৰ যুৱক Dimpal Gogoi আৰু যুৱতী Kangkam Narah য়ে Champion of the champion খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়, আনফালে প্ৰথম স্থান লাভ কৰে Nipen Baishya, Manab Dutta, Arup Sonowal, Manash Bailong, Bini Saikia আৰু Preeti Rekha Sonowal য়ে।

সৰ্বমুঠ ১৭ টা Gold medal, ৮ টা Silver medal, ৫ টা bounce medal পাবলৈ সক্ষম হৈছে।

সদৌ অসম ভিত্তিত ধেমাজি জিলাৰ পৰা যোৱা দলটিয়ে শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰি ধেমাজিলৈ কঢ়িয়াই আনিছে গৌৰৱ।