কি কি তথ্য সংযুক্ত কৰিলে হিতাধিকাৰীসকলে পি এম কিষাণ আঁচনীৰ ধন লাভ কৰিবলৈ সমৰ্থ হ'ব।

জিলা কৃষি বিষয়া সোনাৰিৰ দ্বাৰা জৰুৰী জাননী পিএম কিষাণ (PM-KISAN) আঁচনিৰ হিতাধিকাৰীসকলক প্রধানমন্ত্ৰী কৃষক সন্মান নিধিৰ তালিকাত মাটিৰ তথ্য সংযুক্ত কৰিবলৈ চৰকাৰৰ আহ্বান। প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ যোগ্য হিতাধিকাৰীসকলক অসম চৰকাৰৰ তৰফৰপৰা অনতিপলমে তেখেতসকলৰ মাটিৰ তথ্যসমূহ পি এম কিষাণৰ তালিকাত সংযুক্ত কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছে। সেয়েহে চৰাইদেউ জিলাৰ পিএমকিষাণৰ সমূহ যোগ্য হিতাধিকাৰীসকলক নিম্নলিখিত নথি-পত্ৰসমূহ নিজ নিজ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ হাতত ৩০ আগষ্ট ২০২২ ৰ পূৰ্বে জমা দিবলৈ জিলা কৃষি বিভাগৰ পৰা অনুৰোধ জনোৱা জনাইছে।

 ১) শেহতীয়াকৈ উলিওৱা মাটিৰ জমাবন্দী 

২ ) পিএম কিষাণৰ পঞ্জীয়ন নম্বৰ 

৩ ) আধাৰ কাৰ্ডৰ ফটোকপি 

৪ ) বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ ফটোকপি

এই তথ্য সংযুক্ত কৰিলেহে হিতাধিকাৰীসকলে পৰৱৰ্তী কিস্তিৰ ধন লাভ কৰিবলৈ সমৰ্থ হ'ব।