মঙ্গলদৈত NSUI ৰ প্ৰতিবাদ।

দেশখনত হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু চৰকাৰী বিদ্যালয়ত মাছুল লোৱাৰ প্ৰতিবাদত মঙ্গলদৈৰ ৰাজীৱ ভৱনৰ পৰা দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়লৈ NSUI দৰং জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখযোগ্য যে NSUI দলটো উপায়ুক্তৰ কাৰ্যালয়লৈ আহোতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাধা প্ৰদান কৰে আৰক্ষী আৰু জিলা প্ৰশাসনে।

আনহাতে দেশত মৃতদেহ কৰোৱা কফিনৰ উপৰতো GST লগোৱাৰ ওপৰতো বিৰোধিতা কৰে NSUI এ।