সোনাৰী প্ৰেছ ক্লাবৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন।
সোণাৰি প্ৰেছ ক্লাবৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বৃহস্পতি বাৰে পূৱা ক্লাবৰ পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি আলিম আহমেদে, শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ক্লাবৰ সাধাৰণ সম্পাদক হানচেং কোঁৱৰে । ইয়াৰ পাছতে ১৯৪ নং সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয়ত প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উদযাপন অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক প্ৰনব গগৈ , সোণাৰি পৌৰসভাৰ উপ-পৌৰপতি স্বাক্ষৰ জ্যোতি গগৈ, বিশিষ্ট সমাজকৰ্মী উৎপল গগৈ, ১৯৪ নং সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মফিদা বেগম আদি লোকসকলে সংবাদ মাধ্যমৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তব্য আগবঢ়ায় । প্ৰেছ ক্লাবৰ সমূহ বিষয়-ববীয়া তথা সদস্যকে ধৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰে প্ৰেছ ক্লাবৰ সম্পাদক হানচেং কোঁৱৰে ।
 
  
  
   
  
   
  