ধেমাজি,২৬ জুলাই : ভাৰতীয় জনতা যুৱ মৰ্চা ধেমাজি জিলাৰ সভাপতি পুলক চুতীয়াৰ নিৰ্দেশনা মৰ্মে আজি ধেমাজি জিলাৰ মূখ্য কাৰ্যালয়ত, ভাৰতীয় জনতা যুৱ মৰ্চা ধেমাজি জিলা সমিতিৰ এখনি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়।
জিলা যুৱ মৰ্চাৰ সভাপতি পুলক চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জন্তি প্ৰজ্বলন কৰে আমগুৰি পঞ্চায়তৰ সভানেত্ৰী উষাৰাণী কুলি গগৈয়ে।
উক্ত সাংগঠনিক সভাত উপস্থিত থাকে জিলা সভাপতি প্ৰেম দত্ত, নগৰ মণ্ডলৰ সভাপতি Sashanka Kakati, যুৱ মৰ্চাৰ সভাপতি পুলক চুতীয়া, সাধাৰণ সম্পাদক নৱজিৎ কোঁৱৰ, ১২ টা মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ লগতে দলৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকল।