নলবাৰী প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ চাইকেল যাত্ৰাৰ ৰংঘৰত সফল সামৰণি |

নলবাৰী প্ৰাক্তন বিধায়ক তথা অসম বৃক্ষ ৰোপণ , শস্য উন্নয়ন নিগমৰ অধক্ষ্য অশোক শৰ্মা নেতৃত্বত ছয়জনীয়া দলটোৰ চাইকেল যাত্ৰাৰ সফল সামৰণি ৷ প্ৰাক্তন বিধায়ক অশোক শৰ্মা  আৰু তেওঁৰ পাঁচজনীয়া সৰ্তীথই স্বাধীনতা অমৃত মহোৎসৱ লগত সংগতি ৰাখি যোৱা ১৩ আগষ্টত গুৱাহাটীৰ APDCL পৰা চাইকেল যাত্ৰা  আৰম্ভ কৰি আজি ঐতিহাসিক ৰংঘৰত সামৰণি পৰে | স্বাধীনতা অমৃত মহোৎসৱৰ লগতে মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক বৃক্ষৰোপণ আচঁনি বিষয়ে প্ৰচাৰ তথা সজাগতা সৃষ্টি উদ্দেশ্যৰে  প্ৰখৰ ৰ’দ নেওচি দ’লটোৱে যাত্ৰা কৰিছিল এই চাইকেল যাত্ৰা | ৰংঘৰত উপস্থিত হোৱাৰ লগে লগে বিজেপি নেত্ৰী সুৰভী ৰাজকোঁৱাৰী সহ বহু বিজেপি সদস্যই আদৰণি জনাই আৰু ৰংঘৰত বৃক্ষ ৰোপন কৰে বিধায়ক গৰাকীয়ে  |