২০২৩বৰ্তষ ত ৰহাত স্থাপিত শাস্ত্ৰীয়, লঘু শাস্ত্ৰীয় আৰু অসমীয়া সুগম সংগীত প্ৰশিক্ষণ প্ৰতিষ্ঠান সৃজনী স্বৰ সাধনালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ লগতে সাংস্কৃতিক কৰ্মী,সংগীত শিল্পী মন্টু ৰাম পাটৰলৈ সৃজনী সাধানা বঁটা ২০২৬প্ৰদান কৰা হয়।

            ৰহা প্ৰাঞ্জল মেমোৰীয়ল একাডেমী ত আজি দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত ৰহা সৃজনী স্বৰ সাধনালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উপলক্ষে মুখ্য পৃষ্ঠপোষক যতীন্দ্ৰ কুমাৰ পাৰৈ দ্বাৰা বন্তী প্ৰজ্বলন আৰু কন কন ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা সৰস্বতী বন্দনা পৰিবেশন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত সুধাকন্ঠ ড° ভূপেন হাজৰিকা, হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু দিগেন মহন্ত ৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে ক্ৰমে বামুনিজান উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধক্ষ্য জোনমণি দাস আৰু এমট্ৰোন, গুৱাহাটীৰ অৱসৰ প্ৰাপ্ত প্ৰবন্ধক ভৰত কুমাৰ ভূঞাই।সোনাপুৰ মহাবিদ্যালয়(স্বায়ওশাসিত)অধ্যক্ষ ড° বেদব্ৰত শইকীয়াই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত সাধনালয়ৰ প্ৰায় দুইকুৰি কন কন ছাত্ৰ ছাত্ৰী সকল চিৰ সেউজ গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰাৰ লগতে পংকজ কুমাৰ পাৰৈ দ্বাৰা ৰচিত তথা মনদীপ মহন্তই সুৰ দিয়া সাধনালয়ৰ শীৰ্ষ গীত উন্মোচন কৰে ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি সন্মান প্ৰাপক ৰঞ্জন বেজবৰুৱাই।

       লগতে সাধনালয়ৰ উদ্যোগত সাংস্কৃতিক ক্ষেত্ৰত অবদান দি অহা লোকক  বঁটা প্ৰদান কৰাৰ ঘোষনা কৰে আৰু চলিত বৰ্ষৰ সৃজনী সাধনা বঁটা ২০১৬ সাংস্কৃতিক কৰ্মী,যুৱ কন্ঠশিল্পী মন্টু ৰাম পাটৰক প্ৰদান কৰা হয়।বঁটাত এখন ফুলাম গামোচা,চেলেং,স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হয়।

         বৰ্ষা বৰুৱাই আঁত ধৰা অনুষ্ঠানত চন্দনা ডেকা আৰু সাধনালয়ৰ মুখ্য প্ৰশিক্ষক মৈত্ৰেয়ী ডেকাই গীত পৰিবেশন কৰাৰ লগতে সৃজনী স্বৰ সাধনালয়ৰ অধ্যক্ষ পংকজ কুমাৰ পাৰৈৰ শলাগৰ শৰাইৰে সমাপন হোবা অনুষ্ঠানত বিশিষ্ট অনুবাদক তথা গুৱাহাটী অনাঁতাৰ কেন্দ্ৰ ত বাতৰি পঢোঁতা অনুজা লোপামুদ্ৰা বৰা, আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কন্ঠশিল্পী চন্দনা ডেকা, বিশিষ্ট কন্ঠশিল্পী মনমিত মহন্ত,ৰহা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বলোৰাম নাথ,সাংস্কৃতিক ব্যবস্থাপক ৰিপুঞ্জয় মেধি সহ সাধনালয়ৰ কন কন ছাত্ৰ ছাত্ৰী, অবিভাবক অবিভাবিকা সহ গনমান্য ব্যক্তি উপস্থিত থাকে।