শিৱসাগৰঃ--শিৱসাগৰ জিলা আয়ুক্ত মৃদুল য়াদৱে ১৩ মাৰ্চত জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নৱ-নির্মিত গৃহ তথা ৰক্ত কণিকাৰ পৃথকীকৰণ কোষৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৷ পাৱাৰ গ্ৰীডৰ চি এচ আৰ(CSR) প্ৰজেক্টৰ অধীনত ১.৪ কোটি টকাৰে নিৰ্মিত গৃহটো শিৱসাগৰ স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত জিলা আয়ুক্তই উদ্বোধন কৰা এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত ৰণময় ভৰদ্বাজ, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন চন্দ্ৰ কলিতা, মৰিয়নি পাৱাৰ গ্ৰীডৰ DGM ৰশ্মি বড়ো, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সাধন বৰা, ৰক্ত ভঁৰালৰ ইনচাৰ্জ ডাঃ আমিনুৰ ৰহমানকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান শিৱসাগৰ আঁচনি প্ৰৱন্ধক আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্ৰশাসক আৰু চিকিৎসালয়খনৰ চিকিৎসক তথা সমূহ বিষয়া-কৰ্মচাৰী ৷ আনহাতে যোৱা ১২ মাৰ্চ তাৰিখে ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাগৃহত বিপসংকুল গৰ্ভাৱস্থাৰ চিনাক্তকৰণ, পৰীক্ষা তথা যতন সম্পৰ্কে এক প্ৰশিক্ষণ অনুষ্ঠিত হয়। সামূহিক স্বাস্থ্য বিষয়া আৰু এ এন এমসকলৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিৱিৰত প্ৰশিক্ষণ প্ৰদান কৰে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ অনুৰাগ বৰঠাকুৰ আৰু ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ বিজিত বৰায়ে ৷ উক্ত এদিনীয়া প্ৰশিক্ষণ শিৱিৰত উপস্থিত থাকে ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক কমিউনিটি মাবিলাইজাৰ মৃণাল ৰাজবংশী আৰু শিৱসাগৰ জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন ৷ ইফালে উল্লেখযোগ্য যে, যোৱা ১০ মাৰ্চত ৰাজ্যিক নোডেল বিষয়া (AES/JE), NHM, ডাঃ আহ্লাদ মহেন্দ্ৰ বৰাই AES আৰু JE ৰ প্ৰস্তুতি আৰু পৰ্যবেক্ষণৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়, ডিমৌ আদৰ্শ চিকিৎসালয় আৰু কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে । তেওঁ শিৱসাগৰ নগৰৰ আদৰ্শ চিকিৎসালয়ৰ সভাকক্ষত ব্লকৰ বিষয়া আৰু সামূহিক স্বাস্থ্য বিষয়াসকলৰ সৈতে এক প্ৰশিক্ষণত অংশগ্ৰহণ কৰি এক PPT প্ৰদৰ্শনেৰে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ অৱগত কৰাৰ লগতে ৰাষ্ট্ৰীয় নোডেল বিষয়া (AES/JE) গৰাকীয়ে যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ চন্দ্ৰ মাখন কলিতাক সাক্ষাৎ কৰি ক্ষেত্ৰ পৰিদৰ্শনৰ তথ্য (field visit report)ৰ অৱস্থাৰ ওপৰত আলোচনা কৰে । দিনটোৰ শেষত তেওঁ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত ৰণময় ভৰদ্বাজক সাক্ষাৎ কৰি জিলাখনৰ JE সম্পৰ্কীয় প্ৰস্তুতি আৰু আগন্তুক JE ৰ DTF meeting সম্পৰ্কে বিশেষভাৱে অৱগত কৰে বুলি জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিছে ৷