ৰহা কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয় ত আৰ ডি মটৰচ্ চ্যাৰিটেবল ট্ৰাষ্ট,নগাঁও ৰ উদ্যোগত প্ৰায় ১.৩০ লাখ টকা ব্যয় সাপেক্ষে বিদ্যালয় ৰ কন কন শিশু সকলৰ শাৰীৰিক, মানসিক বিকাশ সাধনৰ বাবে স্থাপন কৰা শিশু উদ্যানৰ আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অতুল চন্দ্ৰ ডেকা আৰু প্ৰধান শিক্ষক প্ৰফুল্ল চন্দ্ৰ ডেকাই।উদ্যান উদ্বোধন ৰ লগত সংগতি ৰাখি বিদ্যালয় প্ৰাংগনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অতুল চন্দ্ৰ ডেকাৰ সভাপতিত্বত আৰু শিক্ষক লক্ষী প্ৰসাদ ডেকাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা সভাত উপস্থিত ব্যক্তি সকলে আৰ ডি মটৰচ্ ৰ স্বতাধিকাৰী বিশাল আগৰৱালা সহ আৰ ডি মটৰচ্ ৰ সমূহ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কন কন ছাত্ৰ ছাত্ৰীয়ে গীত নৃত্য আৰু কবিতা আবৃতি কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।
উদ্যান উদ্বোধন অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি দীন কোঁৱৰ, সমাজকৰ্মী মালিবৰ ডেকা,সুৰেন কোঁৱৰ, শিশুৰাম কোঁৱৰ, ফুলৰানি গাঁওখোৱা, মিনতি ডেকা,ধৰিত্ৰী ডেকা,ৰনথলি গাঁও পঞ্চায়তৰ সভাপতি পাৰ্থপ্ৰতিম কোঁৱৰ, আৰ ডি মটৰচ্ ৰ অইচ আৰু মেনেজাৰ যুতিকা বৰুৱা. ওৰ্কচপ মেনেজাৰ অজিত শইকীয়া,কাচটমাৰ মেনেজাৰ হেমেন্দ্ৰ শইকীয়া, চি এচ আৰ কৰডিনেটৰ অচিন্ত কুমাৰ দাস. শিক্ষক শিক্ষয়ত্ৰী ক্ৰমে মৃদুল কুমাৰ ভৰালী,মৃদুল বৰা,নিৰুপমা বৰদলৈ,মৌচুমী শৰ্মা,বিষ্ণু জ্যোতি শইকীয়া,সহ বিদ্যালয় পৰিচালনা, আৰ ডি মটৰচ্ ৰ বিষয় ববীয়া, শিক্ষক শিক্ষয়ত্ৰী, কন কন ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকি আৰ ডি মটৰচ্ ৰ এই পদক্ষেপ ৰ প্ৰশংসা কৰে আৰু আৰ ডি মটৰচ্ ৰ ফালৰ পৰা কন কন ছাত্ৰ ছাত্ৰী ৰ মাজত লঘু আহাৰ বিতৰণ কৰা হয়।