ৰহা ৰজাগাঁও নিবাসী তথা দীঘলদৰি কাকতিগাঁও মধ্য ইংৰাজী বিদ্যালয় ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক,বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰফুল্ল কুমাৰ নাথৰ মই ভাগৰা নাই নামৰ গ্ৰন্থ উন্মোচন হয়।

    অসম সাহিত্য সভাৰ ৰহা শাখাৰ উদ্যোগত আজি দিনৰ ২বজাৰ পৰা ৰহা শাখা সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰংৰ সভাপতিত্বত,সম্পাদক লক্ষী প্ৰসাদ ডেকাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা গ্ৰন্থ উন্মোচনী সভাৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰাৰ লগতে প্ৰফুল্ল কুমাৰ নাথৰ মই ভাগৰা নাই গ্ৰন্থ সাহিত্যিক পেঞ্চনাৰ,বিশিষ্ঠা শিক্ষাবিদ মনোৰমা ভূঞাই উদ্বোধন কৰি সভাক সম্বোধন কৰে।

    গ্ৰন্থ উন্মোচনী সভাত ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈ,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ,ঢোলৰ বিশিষ্ট উজা,সাংস্কৃতিক কৰ্মী থুলেশ্বৰ ডেকা,

ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেৱী,ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি মাধব চন্দ্ৰ নাথ, ৰহা শাখা সাহিত্য সভাৰ কোষাধক্ষ্য ডম্বৰু শৰ্মা, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা,সম্পাদক পংকজ বৰা,কবি প্ৰেম নাৰায়ন নাথ সহ ৰহা শাখা সাহিত্য সভা আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিনিধি উপস্থিত থাকে।