ৰহাত সংগীত যাত্ৰা কলা কেন্দ্ৰৰ উদ্বোধন হয়।
ৰহা মহাবিদ্যালয় স্থিত জোঙালবলহু প্ৰেক্ষাগৃহ ত আজি দিনৰ ১১বজাত ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে আঁত ধৰা উদ্বোধন অনুষ্ঠানত বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱাই সংগীত যাত্ৰা কলা কেন্দ্ৰৰ উদ্বোধন কৰাৰ লগতে সুধাকুন্ঠ ড° ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰ সন্মুখত বিশিষ্ট সংগীত শিল্পী জয়মতী নাৰ্জাৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে উপস্থিত সকলোৱে সুধাকন্ঠ ড° ভূপেন হাজৰিকা ৰ কালজয়ী গীত মানুহে মানুহৰ বাবে আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত মায়াবিনী ৰাতিৰ বুকুত পৰিবেশন কৰে।
সংগীত যাত্ৰা কলা কেন্দ্ৰৰ শিক্ষয়ত্ৰী জ্যোতিকা পাটৰে উদেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত ৰিতুমনি বৰা,কল্পনা কলিতাই বৰগীত পৰিবেশন কৰাৰ লগতে বাদ্যযন্ত্ৰ ত সহায় কৰে প্ৰশান্ত কুমাৰ খাউণ্ড,মৰমী দেউৰজা আৰু নৱজ্যোতি ডেকাই।
উদ্বোধনী অনুষ্ঠানত সদৌ তিৱা ছাত্ৰ সন্থা ৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং ৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱা আৰু জয়মতী নাৰ্জাৰীয়ে সম্বোধন কৰে।