সমাগত ৰংগৰ উৎসৱ ফাকুৱা,সমগ্ৰ ৰাজ্য ৰ বৃহতৰ ৰহাৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহাৰ চাপৰমুখ পশ্চিম কচুৱা স্থিত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত অহা ২মাৰ্চৰ পৰা তিনি দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে ৮০তম্ শ্ৰীশ্ৰী দৌল গোবিন্দ উৎসৱ উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

       নামঘৰ আৰু দৌল মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ বৰা,উপ সভাপতি মলিন বৰা,দৌল উৎসৱ পৰিচালনা সমিতিৰ সভাপতি প্ৰমোদ বৰা,সম্পাদক ফুনু শৰ্মা,সহ সম্পাদক ইন্দ্ৰ বৰা,ৰিতু দত্ত ই জানিব দিয়া অনুসৰী ২মাৰ্চত পতাকা উওোলন, স্মৃতি তৰ্পন আৰু নাম প্ৰসংগৰে দৌল উৎসৱ ৰ শুভাৰম্ভ কৰাৰ লগতে দ্বিতীয় দিন ৩মাৰ্চত পূবা ৬বজাত উষা কীৰ্তন, ৭বজাত জলযাত্ৰা,৯বজাত মুল পুজা আৰম্ভ আৰু দুপৰীয়া ১২বজাত মহাপ্ৰভু দৌল গোবিন্দ ৰ শিৰত ফাল্গু আৰু পুষ্পাঞ্জলী প্ৰদান কৰা হব।

     ১.৩০বজাত হোমযজ্ঞ আৰম্ভ, পূৰ্নাহুতি আশংসা শান্তি নিৰ্মালী প্ৰদান,প্ৰসাদ বিতৰন, সন্ধ্যা ৬বজাৰ পৰা নিমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম প্ৰসংগ,৭বজাত আৰতি আৰু নিশা ৮বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।

    দৌল উৎসৱ ৰ ৩য় তথা অন্তিম দিন ৪মাৰ্চত পূৱা ৮বজাত মহাপ্ৰভু দৌল গোবিন্দ ৰ বিহিত পুজা সমাপন,৯.৩০বজাত হোলি উৎসৱ, বিয়লী ১বজাত মহাপ্ৰভু দৌল গোবিন্দ ৰ নগৰ ভ্ৰমন আৰু নিশা ৯বজাত দৌল উৎসৱ ৰ সামৰণি অনুষ্ঠান।