শিৱসাগৰ: -- বিধানসভা নিৰ্বাচন সমাগত ৷ শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মৃদুল য়াদৱে যোৱা অলপতে সমাগত বিধানসভা নিৰ্বাচন-২০২৬ৰ সন্দৰ্ভত নিৰ্বাচনী কামকাজৰ প্ৰস্তুতিমূলক ব্যৱস্থাপনাৰ পৰ্য্যালোচনা কৰাৰ অংশস্বৰূপে চহৰখনৰ অৰুণোদয় পথৰ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়খন পৰিদৰ্শন কৰে ৷ উল্লেখ যে, পৰিদৰ্শন কালত তেখেতে বিদ্যালয়খনৰ আন্তঃগাঁথনি তথা তাত মজুত থকা সামগ্ৰিক ব্যৱস্থাপনা আৰু সা-সুবিধাসমূহৰ বিষয়ে বিস্তৃতভাৱে বুজ লোৱাৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়াসকলক ভালেকেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় । শিৱসাগৰ জিলা আয়ুক্তগৰাকীৰ পৰিদৰ্শন কালত অতিৰিক্ত জিলা আৰক্ষী অধীক্ষকদ্বয় ময়দুল ইছলাম আৰু ঋষভ হান্স, নিৰ্বাচনী বিষয়া অদিতি নেওগ প্ৰমুখ্যে লোকনিৰ্মাণ (গৃহ), লোকনিৰ্মাণ (বৈদ্যুতিন), জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা আৰক্ষী বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷