নগাঁও জিলা আহোম সভাৰ উদ্যোগ,ৰহা আঞ্চলিক আহোম সভাৰ সৌজন্যত আৰু ৰহা টাই আহোম ছাত্ৰ সন্থা ও স্থানীয় ৰাইজৰ সহযোগত আগন্তুক ৩০ জানুৱাৰী ৰ পৰা দু দিনীয়া কাৰ্য্যসূচী ৰে ৰহা ৰহিয়াল বৰুৱা ক্ষেত্ৰত উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

      নগাঁও জিলা আহোম সভাৰ সভাপতি চাও ড° দিনেশ হাজৰিকা, সাধাৰন সম্পাদক চাও মহেন্দ্ৰজিৎ বৰুৱা, ৰহা আঞ্চলিক আহোম সভাৰ সভাপতি চাও অপূৰ্ব গগৈ,সাধাৰন সম্পাদক চাও দিব্যজ্যোতি বৰা আৰু উদযাপন সমিতিৰ সভাপতি চাও ড° দিনেশ হাজৰিকা, কাৰ্যকৰী সভাপতি চাও ভূপেন বৰা,সাধাৰন সম্পাদক চাও চন্দন গগৈয়ে জানিব দিয়া মতে অহা ৩০ জানুৱাৰী ৰ পৰা দু দিনীয়া কাৰ্য্যসূচী ৰে ৰহা ৰহিয়াল বৰুৱা ক্ষেত্ৰত মে ডাম্ মে ফী উদযাপন কৰা হব আৰু নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি মে ডাম্ মে ফীৰ প্ৰথম দিন ৩০ জানুৱাৰী ত পূবা পৰিবেশ নিকাকৰণ,বৃক্ষৰোপন ৰ পাছত ছাত্ৰ ছাত্ৰী ৰ মাজত প্ৰতিভা সন্ধানী অনুষ্ঠান অনুষ্ঠিত হব।

‌‌সন্ধিয়া ৫বজাত প্ৰতিনিধি সভাৰ উদ্বোধন কৰিব নগাঁও জিলা আহোম সভাৰ মুখ্য উপদেষ্টা চাও ঠগীত চন্দ্ৰ বৰুৱা আৰু ৭বজাত ফুৰা লুং পূজা উদ্বোধন কৰিব বিশিষ্ট সমাজসেৱক চাও ভবেন গগৈ।

     মে ডাম্ মে ফী ৰ দ্বিতীয় দিন ৩১ জানুৱাৰী ত পূবা ৭বজাত বন্তি প্ৰজ্বলন কৰিব চাও হৰেশ্বৰ বৰা।৭.৩০বজাত স্মৃতি চাৰন আৰু মাল্যাৰ্পন কৰিব ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যাপক  যতীন্দ্ৰ কুমাৰ পাৰৈ।

    ৮বজাত খ্ৰীংফা উওোলন কৰিব নগাঁও জিলা আহোম সভাৰ সভাপতি চাও ড° দিনেশ হাজৰিকা, ৮.৩০বজাত মৈদাম তৰ্পন কৰিব নগাঁও জিলা আহোম সভাৰ উপদেষ্টা চাও গুনিন্দ্ৰ নাথ ফুকন,চাও প্লাবন বৰুৱা।

      ৯বজাত সমূহীয়া পূজা আৰু প্ৰাৰ্থনা আৰম্ভ,১০বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰিব নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।দুপৰিয়া ১২বজাত মুকলি  আৰু স্মৃতি গ্ৰন্থ উন্মোচনী সভাঅনুষ্ঠিত হব।

   মুকলি সভা ত নিদিষ্ট বক্তা ৰুপে ৰহা মীন মহাবিদ্যালয় ৰ ডীন ড° প্ৰদীপ চন্দ্ৰ ভূঞা আৰু স্মৃতি গ্ৰন্থ উন্মোচন কৰিব ৰেখামনি বুঢ়াগোঁহাই, বন্তি হাজৰিকা আৰু অনিমা দাস।২বজাত পুৰস্কাৰ বিতৰন আৰু বিয়লী ৫বজাত খ্ৰীংফা অবতৰন আৰু সমূহীয়া বন্তি প্ৰজ্বলন কৰা হব।সন্ধিয়া ৬বজাত সাংস্কৃতিক অনুষ্ঠান ৰ মুখ্য আকৰ্ষণ হব নগাঁও জিলা আহোম সভা মহিলা কোষৰ দ্বাৰা সতী জয়মতী নাট প্ৰদৰ্শন লগতে টাই ভাষাত শিশু নাট মৌৎ ডুন ডুন চুন খাম।

   মুকলি সভাত মুখ্য অতিথি ৰূপে কেবিনেট মন্ত্ৰী কেশৱ মহন্ত,

 প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, বিশিষ্ট অতিথি ৰূপে সাংসদ প্ৰদ্যুৎ বৰদলৈ,বিধায়ক শশীকান্ত দাস, ৰুপক শৰ্মা, জিতু গোস্বামী,দিপ্লু ৰঞ্জন শৰ্মা,শিৱামনি বৰা,নুৰুল হুদা,

জিলা আয়ুক্ত দেৱাশিষ শৰ্মা,আৰক্ষী অধিক্ষক স্বপ্ননীল ডেকা,ৰহা সমজিলা আয়ুক্ত ড° অংকিতা বৰা,চক্ৰ বিষয়া ৰহা সু প্ৰভা ৰয়, নগাঁও চক্ৰ বিষয়া স্ঝষিকেশ বৰুৱা, প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা,আমন্ত্ৰিত অতিথি ৰুপে বিশিষ্ট সমাজকৰ্মী নন্দসিং বৰকোলা,ৰহা মহাবিদ্যালয় অধ্যক্ষ ড° বেদ কুমাৰ চলিহা সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।