ৰহা চাপৰমুখ স্থিত ঐতিহ্যমণ্ডিত বি বি হান্সাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে আধাৰশিলা ৰাখি নিৰ্মান কাৰ্য্য ৰ শুভাৰম্ভ কৰে।

     চাপৰমুখ স্থিত উচ্চ শিক্ষা অনুষ্ঠান বি বি হান্সাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ত গ্ৰামীণ আন্তঃগাঁথননি উন্নতিকৰন আঁচনি ৰ RIDF(XXX)বৰ্ষ ২০২৪-২৫ৰ অধিনত ৭.৫কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হব লগা বিদ্যালয় ক ভবন নিৰ্মান কাৰ্য্যৰ ৬১নং বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে আধাৰশিলা ৰাখি নিৰ্মান কাৰ্য্য ৰ শুভাৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগুৰ প্ৰশংসা কৰে।

  ৰহা মীন মহাবিদ্যালয় ৰ প্ৰাক্তন ডীন ড° কে কে তামুলী য়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত বি বি হান্সাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষা মালাৰানী বড়া,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি এম বাহাদুৰ চেত্ৰী,চাপৰমুখ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জনাৰ্দন শইকীয়া সহ বি বি হান্সাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিনিধি সহ গনমান্য ব্যক্তি উপস্থিত থাকে।