অহাকালি ভোগালীৰ উৰুকা,সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহাৰ বিভিন্ন প্ৰান্তত ভোগালী বিহুৰ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহাফুলগুৰি স্থিত পূব শালমৰা প্ৰাথমিক বিদ্যালয় ত আজি প্ৰাক ভোগালী বিহু উদযাপিত কৰা হয়।

কন কন ছাত্ৰ ছাত্ৰী ক ভোগালী বিহুৰ পৰম্পৰা বিষয়ে অবগত কৰাৰ উদ্দেশ্য আয়োজিত প্ৰাক ভোগলী  বিহুত কন কন ছাত্ৰ ছাত্ৰীয়ে বিহু গীত নৃত্য পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ বিহু গীত নৃত্য ৰে মুখৰিত কৰি তুলে।

   এই উপলক্ষে মহানায়ক জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি স্মৰন কৰা হয়।

   প্ৰাক ভোগালী বিহু উপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেমন্ত কুমাৰ দাস, প্ৰধান শিক্ষয়ত্ৰী লীনা বৰা,সহ শিক্ষয়ত্ৰী কুন্তি বৰা,দীপালি দাস সহ বিদ্যালয় ৰ কন কন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।