বৰ্ষ ১৯৯৪ৰ  ১ জানুৱাৰীত স্থাপিত ব্যক্তি ক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ ৩৩তম্ আৰু সংগীত কাননৰ ২১তম্ প্ৰতিষ্ঠা দিৱস শনিবাৰে এদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উল্লহ মালহেৰে পালন কৰাৰ লগতে উদুলি মুদুলি হৈ পৰিল অকণিৰ কবিতা ঘৰৰ বাকৰি।

     ৩৩তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে পূবা উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ কলিতাই পতাকা উওোলন আৰু কাৰ্য্যকৰী সভাপতি প্ৰবোধ কলিতাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ লগতে ছাত্ৰ ছাত্ৰী ৰ প্ৰয়াত গিৰিধৰ বৰা সোঁবৰনি মুকলি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হোবাৰ লগতে অকণিৰ কবিতা ঘৰৰ বিষয় ববীয়া, উপদেষ্টা মণ্ডলি,প্ৰাক্তন অকণি,অবিভাবক আৰু শুভকাংশী সকলৰ মাজত  আমাৰ গাঁও আমিয়েই সুন্দৰ কৰো আহা শীৰ্ষক মুকলি আড্ডা অনুষ্ঠিত হয়।

      দুপৰীয়া ২বজাৰ পৰা কন কন অকণিহঁতৰ মাজত মোৰো মন যায় শীৰ্ষক মুকলি সাংস্কৃতিক আৰু কবিতা আবৃওিৰ অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানত কবিতা ঘৰৰ শিক্ষাৰ্থী সকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা কন কন শিশু সকলে গীত,নৃত্য, কবিতা আবৃওি পৰিবেশন কৰে।

     তাৰ পাচত অকণিৰ কবিতা ঘৰ সংগীত কাননৰ শিক্ষাৰ্থী সকলৰ মাজত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়।

     বিয়লী ৫বজাত ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাসে উদ্বোধন আৰু কবিতা ঘৰৰ প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে আঁত ধৰা নিয়ৰ সনা গধুলি, সংস্কৃতিৰ সুগন্ধি, আমি পাতো আহা ৰঙৰে মেলা শীৰ্ষক বৰ্নাট্য সাংস্কৃতিক অনুষ্ঠানত কবিতা ঘৰৰ শিক্ষাৰ্থী সকলে ভাৰত নাট্যম, সত্ৰিয়া,দশবতাৰ নৃত্য আৰু কবিতা ঘৰৰ শিক্ষাৰ্থী সকলে তবলা,গীতাৰ আৰু বাঁহী বাদনৰে সুধাকন্ঠ ড° ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ কালজয়ী গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তুলে।

     নিশা ১০বজাত অবিভাবক সকলৰ দ্বাৰা গীত পৰিবেশনেৰে সমাপন হোবা অনুষ্ঠানত অকণিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতিৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়া, উপ সভাপতি মৃদুল হাজৰিকা, শৰৎ ডেকা, সাংস্কৃতিক বিভাগৰ সাবিত্ৰী শইকীয়া দাস, ৰিপুঞ্জয় মেধি,জয়ন্ত দাস,জ্যোতিকা পাতৰ সেনাপতি.সহযোগী সম্পাদক ৰিতু দাস,পংকজ কুমাৰ পাৰৈ,অংশুমান শৰ্মা,প্ৰচাৰ সম্পাদক চয়েল খেতান, ৰাজেশ কুমাৰ নন্দী,বিও বিভাগৰ সুভাষ কুমাৰ বৰা সহ কবিতা ঘৰৰ অবিভাবক অবিভাবিকা,শিক্ষক,শিক্ষয়ত্ৰী,ছাত্ৰ ছাত্ৰী সহ স্থানীয় ৰাইজ আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।