শিৱসাগৰঃ শিৱসাগৰ জিলাৰ গেলেকী স্বাস্থ্য খণ্ডৰ অৰ্ন্তগত মাদুৰী চাহ বাগিছাত ১০ জানুৱাৰী, শনিবাৰে চিকেল চেল এনিমিয়া ৰোগৰ এক বিনামূলীয়া পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত চাহ বাগিছাখনৰ প্ৰায় দেৰ শতাধিক লোকৰ তেজৰ নমুনাৰ পৰীক্ষা কৰা হয়। শিৱিৰত শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত চন্দনা জাহ্নৱী(ভাৰতীয় প্ৰশাসনিক সেৱা), গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ, মুখ্য কাৰ্য্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপামণি শইকীয়া, ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰমৰ তথ্য ব্যৱস্থাপক(Data Manager)হাফিজুৰ ৰহমান, ভৰ্মীমান চিকিৎসা সেৱা গোটৰ সমন্বয়ক ঋতিজ গগৈ,গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন প্ৰমুখ্যে এম পি দব্লিও, আশাকৰ্মী, চাহ বাগিছাখনৰ প্ৰৱন্ধ চিকিৎসক, ফাৰ্মাচিষ্ট, বাগিছাৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে, এই শিবিৰত ডাঃ দিপামণি শইকীয়াই কাঁচি ৰক্তহীনতা ৰোগ সম্পৰ্কে বাগিছাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে আয়ডিনৰ অভাৱত হোৱা বিভিন্ন বিসংগতিৰ বিষয়ে এক চমু বক্তব্য আগবঢ়ায়। আনহাতে চিকেল চেল এনিমিয়া ৰোগৰ ন'দেল বিষয়া ডাঃ দিপামণি শইকীয়াই জানিবলৈ দিয়া মতে চাহ বাগিছাসমূহত চিকেল চেল এনিমিয়া ৰোগৰ পৰীক্ষণ হৈ আছে যদিও জিলাখনৰ প্ৰতিখন চাহ বাগিছাতে এনেধৰণৰ বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা আয়োজিত এই বিনামূলীয়া পৰীক্ষণ শিৱিৰত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক প্ৰগেম মেনেজাৰ, মুকুল গগৈ , দুটা ভ্ৰাম্যমান চিকিৎসাসেৱা গোটৰ উপৰিও গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰেটৰী টেকনিচিয়ানয়েও সহায়-সহযোগ আগবঢ়ায়।