ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ ছাত্ৰ ছাত্ৰীয়ে কাৰাটে চেম্পিয়নশ্বিপত Gold,Bronze আৰু Silver পদক লৈ কঢ়িয়াই আনিলে গৌৰৱ।
গুৱাহাটী খানাপাৰা গনেশ মন্দিৰ ইণ্ডোৰ ইষ্টেডিয়াত ৮ ৰ পৰা ২৮জানুৱাৰীলৈকে অনুষ্ঠিত জোনেল আৰু ষ্টেট কাৰাটে চেম্পিয়নশ্বিপত ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ মুখ্য প্ৰশিক্ষক নিত্য কুমাৰ পাতৰ নেতৃত্বত অংশ গ্ৰহণ ছাত্ৰ ছাত্ৰী ৰ দলে জুনিয়ৰ শাখাৰ জোনেলত বেদব্ৰত দাসে কোমিটেত Bronze,জোনেল কোমিটেত সুজাতা হাজৰিকাই Gold,জোনেল কোমিটেত বৈভবী বৰগোহাঞে Bronze,Cadetএলবিয়ান বৰদলৈয়ে জোনেল কোমিটেত Bronze,প্ৰদ্যুৎ ইংতিয়ে জোনেল কোমিটেত Gold,টিচান্টা পাল নাথে জোনেল কোমিটেত Silver পদক অৰ্জন কৰি সমগ্ৰ ৰহাৰ লগতে বৌদ্ধিধৰ্মা কাৰাটে ক্লাবলৈ গৌৰৱ কঢিয়াই আনিলে।