আৰ্থিক ভাবে হওক বা অন্য বিভিন্ন কাৰনত আধাতে বিদ্যালয় এৰি শিক্ষা ৰ পৰা বঞ্চিত হব লগ শিশু সকলক চিনাক্ত কৰি বিশেষ প্ৰশিক্ষণ ৰ জৰিয়তে শিক্ষা প্ৰদান কৰি শৈক্ষিক জীবন সুৰক্ষিত কৰি মুলখুঁতিলৈ ওভতাই অনা ছাত্ৰ ছাত্ৰী ক লৈ ৰহা কপিলী শিক্ষা খণ্ডত আজি  অনুষ্টিত হৈ শৈক্ষিক সংযোগ অনুষ্ঠান।

   ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত সমগ্ৰ শিক্ষা নগাঁও জিলা ৰ উদ্যোগত আৰু ৰহা কপিলী শিক্ষা খণ্ড ৰ ব্যবস্থাপনাত অনুষ্ঠিত হোবা শৈক্ষিক সংযোগ অনুষ্ঠান ৰ শুভাৰম্ভ ৰহা কপিলী শিক্ষা খণ্ডৰ  শিক্ষা বিষয়া বিজয় ক'ৰ ৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ লগতে চি আৰ চি চি ৰুবুল দাসে আঁত ধৰা অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত তথা জিলা মিছন সমন্বয়ক জিতু কুমাৰ বৰ্মন, ডাইট প্ৰবক্তা শেখৰ জ্যোতি মহন্ত, জনপ্ৰিয় মিমিক্ৰি শিল্পী তথা ৰাজ্যিক সমল ব্যক্তি হিমাংশু বৰ্মন,ৰাজ্যিক সমল ব্যক্তি ৰিতুৰানি মৌচুমী উপস্থিত থাকি কন কন শিশু সকলক সম্বোধন কৰি উৎসাহ বৰ্দ্ধণ কৰে।

    শৈক্ষিক সংযোগ অনুষ্ঠানত ৰহা কপিলী শিক্ষা খণ্ডৰ উপ পৰিদৰ্শক নবুল ইছলাম, ৰহা কপিলী শিক্ষা খণ্ডৰ সমল ব্যক্তি আয়ুব আলী উপস্থিত থাকে।

    কন শিশু সকলৰ দ্বাৰা গীত নৃত্যৰে মুখৰিত অনুষ্ঠানত মুলখুঁতিলৈ ওভতা কন কন শিশু সকলৰ মাজত Uniform,Pen আৰু শৈক্ষিক সামগ্ৰী বিতৰণ কৰা হয়।

        লগতে কপিলী শিক্ষা খণ্ড বিষয়া বিজয় ক'ৰে জানিব দিয়ে যে আধাতে বিদ্যালয় এৰিব লগা হোবা ৬৭৩ ৰ পৰা ৬২০ শিশু সকলক মুলখুঁতিলৈ লৈ অনা হৈছে আৰু পৰ্যায়ৰ ক্ৰমে এই শিশু সকলৰ মাজত Uniform, Pen আৰু শৈক্ষিক সামগ্ৰী বিতৰণ কৰা হব। লগতে শিক্ষা বিষয়াই জানিব দিয়ে যে

 শিশু সকলক শিক্ষা প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্য আৰু যাতে শিশু সকলৰ শিক্ষা আধাতে Dropout নহয় সেইবাবে চাৰ্ভে চলোৱা হৈ আছে আৰু এল পি ক এম ই আৰু এম ই ক হাইস্কুললৈ উন্নতিকৰনৰ ব্যবস্থা কৰি থকা হৈছে।