নতুন দিল্লীৰ টালকটৰাত কাৰাটে ইন্ডিয়া অৰ্গেনাইজেচন ৰ উদ্যোগত ১আৰু ২ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত ৪ৰ্থ অল ইন্ডিয়া ইন্টাৰজনেল কাৰাটে চেম্পিয়নশ্বিপত ৰহাৰ চাপৰমুখ আটিগাঁও নিবাসী দীপমণি দাস আৰু জানকী ভূঞা দাসৰ পুত্ৰ সুমিত দাসে কুমিটে জুনিয়ৰ ৰ ব্যক্তিগত ইভেন্টৰ -৬৮কেজিত ৰূপৰ পদক অৰ্জন কৰি ৰহা,চাপৰমুখলৈ গৌৰৱ কঢিয়াই অনাত আজি সদৌ অসম ছাত্ৰ সন্থা ৰ ৰহা আঞ্চলিক সমিতিৰ সভাপতি সঞ্জয় কুমাৰ কাকতি আৰু সম্পাদক ভাৰত বৰুৱা সুমিত দাসৰ ঘৰত উপস্থিত হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উজ্বল ভবিষ্যতৰ কামনা কৰে।
সুমিতে ইয়াৰ পূৰ্বেও সোন,ৰুপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।