মঙলদৈ, ২৪ নৱেম্বৰ : মঙলদৈৰ হাউলীমোহনপুৰ নিবাসী, প্ৰবীণ ফুটবল, এথলেটিকছ, বেডমিণ্টন খেলুৱৈ, এজন মানৱদৰদী ব্যক্তি তথা আৰক্ষী উপ-পৰিদৰ্শক দুলুমণি মেধি (৫৫)ৰ দেওবাৰে নিশা এক পথ দূৰ্ঘটনাত মৃত্যু হয়। ওদালগুৰি আৰক্ষী চাউনীৰ চাউনী বিষয়া দুলুমণি মেধিয়ে ২৩ নৱেম্বৰৰ নিশা নিজৰ কাম সম্পাদন কৰি গৃহাভিমুখে আহি থাকোতে নিশা প্ৰায় ৯-৩০ বজাত কলাইগাঁৱৰ নিকটৱৰ্তী গৰুবন্ধাত তেওঁ নিজেই চলাই অহা এ এছ ১৩ এছ ১৫০৫ নম্বৰৰ বলেৰ' গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত তেওঁ গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয়। এই দূৰ্ঘটনাত বিদ্যুত পৰিবাহী তাঁৰ এডাল চিগি গাড়ীখনৰ ওপৰত পৰাত গাড়ীখন বিদ্যুৎপিষ্ট হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ আৱদ্ধ হৈ থকা গাড়ীৰ পৰা তেওঁক উলিয়াবলৈ চেষ্টা কৰে যদিও কেবাগৰাকীও লোকক চৰ্ট কৰে। পিছত বিদ্যুৎ সংযোগ কৰ্তন কৰিহে তেওঁলোকে মেধিক গাড়ীৰ ভিতৰৰ পৰা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে দুলুমণি মেধিয়ে শেষ নিশ্বাস ত্যাগ কৰে। সদ্য প্ৰয়াত মেধি প্ৰায় চাৰিবছৰ ধৰি ওদালগুৰি আৰক্ষী চাউনীৰ চাউনী বিষয়া হিচাপে কৰ্মৰত আছিল আৰু তেওঁ যথেষ্ট কৰ্মপটু আছিল বাবে উচ্চস্তৰীয় বিষয়া সকলৰ প্ৰিয়ভাজন আছিল। তেওঁ মঙলদৈ আৰক্ষী চাউনীৰো চাউনী বিষয়া হিচাপে প্ৰায় দুবছৰ কৰ্মৰত আছিল। আৰক্ষী কনিষ্টবল হিচাপে চাকৰিত যোগদান কৰি পিছলৈ পদোন্নতি লাভ কৰি সহকাৰী উপ-পৰিদৰ্শক আৰু পৰিদৰ্শক পদ লাভ কৰিছিল। আৰক্ষীত যোগদান কৰাৰ আগতে তেওঁ ফুটবল আৰু এথলেটিকছ খেলি খ্যাতি অৰ্জন কৰিছিল আৰু চাকৰি কৰি থকা সময়ত তেওঁ বেডমিণ্টনো খেলিছিল। মঙলদৈ হাউলী মোহনপুৰৰ প্ৰয়াত বিদ্যাৰাম মেধিৰ জ্যেষ্ঠ পুত্ৰ দুলুমণি মেধি এগৰাকী ধৰ্মপ্ৰাণ লোক আছিল। তেওঁ কেবাবাৰো বিহাৰৰ বাবাধাম, কাশ্মীৰৰ অমৰনাথ, পুৰিৰ জগন্নাথ মন্দিৰ আদি দৰ্শন কৰিছিল। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ওদালগুৰিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষকসহ জিলাখনৰ প্ৰায়সংখ্যক আৰক্ষী বিষয়া, দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস সহ অন্যান্য উচ্চস্তৰীয় আৰক্ষী বিষয়া সকল, মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বড়া নিশাই মঙলদৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ খবৰ লয়। আজি দিনত চিকিৎসালয়খনত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত সহস্ৰাধিক গুণমুগ্ধই চিকিৎসালয়ৰ পৰা তেওঁৰ বাসগৃহলৈ সমদল কৰি মৃতদেহ লৈ যায় আৰু বাসগৃহত পূৰ্বৰে পৰা ৰৈ থকা অসংখ্য লোকে তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰে। স্থানীয় শ্মশানত আজি দিনৰ ১-০০ বজাত তেওঁৰ শেষ কৃত সম্পন্ন কৰা হয়। শেষকৃতৰ সময়ত দৰঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, ওদালগুৰিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা সহিতে কেবাখনো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত আৰক্ষীয়ে বিশেষ মৰ্যদাৰে আৰক্ষী বিষয়া দুলুমণি মেধিক শেষ শ্ৰদ্ধা জনায়। শেষকৃতস্থলীত মঙলদৈৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ন দেৱ, কংগ্ৰেছৰ নেতা কন্দৰ্প কলিতা, প্ৰবীণ খেলুৱৈ বীৰেণ মেধি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। তেওঁৰ মৃত্যুত দৰং জিলা আৰক্ষী প্ৰশাসন, হাউলী মোহনপুৰ সমাজ কল্যাণ যুৱক সংঘ, মঙলদৈ ক্ৰীড়া সন্থা, মঙলদৈ কাবাদি, খো-খো ক'চিং চেন্টাৰ, দৰং জিলা মাষ্টাৰ্চ এথলেটিকছ সন্থা, মঙলদৈ ইউথ ক্লাব, মঙলদৈ প্ৰেছ ক্লাব, ইউনাইটেড ক্লাব,মঙলদৈ মিডিয়া চাৰ্কোল, কৰুণাধাৰা দৰং জিলা সহায়ক সমিতি, আশাৰ আলোক মানুহে মানুহৰ বাবে দৰং অসম, দৰং জিলা ক্ৰীড়া সাংবাদিক সংস্থা আদি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়। মৃত্যুৰ সময়ত মেধিয়ে মাতৃ, পত্নী, দুই ভাতৃ, এটাকৈ কন্যা আৰু পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত দৰং আৰু ওদালগুৰি জিলাত শোকৰ ছাঁ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Google Gboard Keyboard: स्क्रीन पर कहीं भी घुमाइए कीबोर्ड, उंगलियों के इशारे पर काम करता है ये फीचर
Google Gboard Keyboard अगर आप गूगल के Google Gboard Keyboard का इस्तेमाल करते हैं कीबोर्ड के एक...
মহিলা আহত
যুৱকৰ দাৰ ঘাপত মহিলা আহত
গোলাঘাট ২১ মাৰ্চ।
গোলাঘাটৰ বেঙেনাখোৱা চাৰিআলিত আজি এক...
મુખ્યમંત્રી શ્રી ભૂપેન્દ્ર પટેલે એકતાનગર જઇને મા નર્મદાના જળ પૂજન થકી નર્મદાનીરના વધામણા કર્યા
મુખ્યમંત્રી શ્રી ભૂપેન્દ્ર પટેલે એકતાનગર જઇને મા નર્મદાના જળ પૂજન થકી નર્મદાનીરના વધામણા કર્યા
गोलाघाट जिले के लबनघाट में भयंकर अग्निकांड, एक दुकान समेत कई घर जलकर खाक।
गोलाघाट जिले के लबनघाट अंचल में बुधवार की रात हुई एक भयंकर अग्निकांड में सुषमा बर्मन नामक महिला...