ৰহা পৌৰসভাৰ অন্তৰ্গত ১০নং বাৰ্ড কমাৰজানত পঞ্চদশ বিওীয় আয়োগৰ অনুদানৰ অধিনত সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নিৰ্মিত ৰহা আমাৰ গৌৰৱ,I LOVE RAHA শীৰ্ষক প্ৰতিকচিহ্ন ও উদ্যানৰ ৰহা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া পূৰ্বী পাটগিৰিৰ উপস্থিতিত ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকাই উদ্বোধন কৰি কয় যে উদ্যানত ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা ৰ আবক্ষ প্ৰতিমূৰ্তি নিৰ্মান কৰা হৈছে আৰু এই উদ্যানৰ জৰিয়তে সৌন্দৰ্য্য বৰ্দ্ধন হোবাৰ লগতে গুৱাহাটী ৰ পৰা নগাঁও আৰু নগাঁও ৰ পৰা গুৱাহাটী লৈ বাহনেৰে অহাযোবা কৰা যাত্ৰী সকলৰ সুবিধা হব।
লগতে ৰাইজৰ সুবিধাৰ্থে মোবাইল টয়লেট আৰু খোবা পানী বাহনো উদ্বোধন কৰা হয়।
বিজেপি ৰহা বাৰপূজীয়া মণ্ডল ৰ প্ৰাক্তন সভাপতি জিতু দাসে আঁত ধৰা উদ্বোধনত ৰহা পৌৰসভাৰ উপ পৌৰপতি বন্তি হাজৰিকা, এফ এম পৰিস্মিতা বৰ্মন,বিজেপি ৰহা বাৰপূজীয়া মণ্ডল ৰ সভাপতি নিলোৎপল লাহন, নগাঁও জিলা বিজেপি ৰ কাৰ্য্যবাহী সদস্য মনিৰাম দাস,বিজেপি ৰহা মণ্ডল ৰ উপ সভাপতি হেমন্ত বিকাশ ডেকা, ৰহা পৌৰসভাৰ বাৰ্ড কমিচনাৰ অজন্তা বৰুৱা বৰদলৈ,প্ৰীতি বৰদলৈ,উপানন্দ চাংমাজি সহ ৰহা পৌৰসভাৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।