২০০৮ বৰ্ষৰ ৩০ অক্টোবৰ ত গুৱাহাটী সহ ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত হোবা বোমা বিস্ফোৰণত অকাল মৃত্যু ক সাৱটীব লগা হৈছিল আৰু বহু লোক আহত হৈছিল।

   সেইয়ে সদৌ অসম ছাত্ৰ সন্থা ৰ আহ্বানত ৰহা আঞ্চলিক ছাত্ৰ সন্থাই আজি বিয়লী ৫বজাত ৰহা নতুনচাৰিআলী স্থিত কাৰ্য্যালয় ৰ সন্মুখত বোমা বিস্ফোৰণত অকালতে মৃত্যু ক সাৱটা নিৰীহ লোকৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি বিদেহী আত্মা চিৰ শান্তি ৰ কামনা কৰে আৰু সন্ত্ৰাসবাদ নিপাত যাওক শ্লোগানেৰে মুখৰিত কৰি তুলে।

   বন্তি প্ৰজ্বলনত ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা সহ ৰহা মহাবিদ্যালয় আছু গোটৰ সদস্য সকল উপস্থিত থাকে।