শিৱসাগৰঃ শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুস গাৰ্গৰ উপস্থিতিত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি শিৱসাগৰ জিলাৰ ডিমৌ স্বাস্থ্যখণ্ডৰ অধীনৰ আঠাবাৰী চাহ বাগিছাৰ চিকিৎসালয়ত কাঁচি ৰক্তহীনতাৰ পৰীক্ষণ শিৱিৰ উদ্বোধন কৰে। উদ্বোধন কৰাৰ পাছতেই মন্ত্ৰীগৰাকীয়ে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মূল সভা আৰম্ভ কৰে। আজিৰ সভাৰ আদৰণিমূলক ভাষণ প্ৰদান কৰি জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতায়ে সিকল চেল ৰোগ এটা বংশানুক্ৰমিক ৰক্তৰ ৰোগ বুলি কয়৷ এই ৰোগত শৰীৰত সঠিকভাৱে ৰক্ত সঞ্চালন নোহোৱাত মানুহে বহুধৰণৰ অসুখত ভোগে। সময়মতে স্ক্ৰিনিং কৰিলে এই ৰোগ চিনাক্ত কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। বিয়াৰ আগতে দম্পতীয়ে পৰীক্ষা কৰিলে শিশুক এই ৰোগৰ পৰা ৰক্ষা কৰিব পাৰি। সময়মতে চিকিৎসা, পুষ্টিকৰ খাদ্য আৰু নিয়মীয়া পৰীক্ষাই জীৱনক সুৰক্ষিত কৰি ৰাখিবলৈ সভাত উপস্থিত সকলোকে আহ্বান জনায়। পৰ্য্যায়ক্ৰমে "ৰক্তশক্তি" শিৱসাগৰ জিলাৰ আটাইকেইখন চাহ বাগানত আৰম্ভ হ’ব আৰু লগতে "ৰক্তশক্তি"ৰ ভিন্ন কাৰ্যক্ৰমৰ বিষয়ে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। আজি অৰ্থাৎ ১৯ অক্টোবৰত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ড০ ৰণোজ পেগুয়ে বিয়লি ৩-৩০ বজাত এই পৰীক্ষণ শিৱিৰটি উদ্বোধন কৰি চাহ বাগিচাৰ চিকিৎসালয়খন পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ চিকিৎসালয়খনৰ ব্যৱস্থা-পৰিচালনা, স্বাস্থ্যসেৱা আৰু বিভিন্ন চিকিৎসা সৰঞ্জামৰ অবস্থা খুঁটিনাটি পৰ্যালোচনা কৰে৷ মন্ত্ৰীগৰাকীয়ে আঠাবাৰী চাহবাগিছা চিকিৎসালয়কে ধৰি জিলাখনৰ আটাইকেইখন চাহ বাগিচাৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষক মাতৃ আৰু শিশুৰ বাবে আৰু অধিক উন্নত চিকিৎসাসেৱা প্ৰদানৰ বাবে আহ্বান জনায়। মন্ত্ৰী চিকিৎসক, চিকিৎসাকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰি স্বাস্থ্যসেৱাৰ গুণগত মান উন্নত কৰাৰ দিশে বিশেষ গুৰুত্ব আৰোপ কৰে। লগতে নিজ কৰ্তব্য নিষ্ঠাৰে পালন কৰিবলৈ সকলোকে আহ্বান জনায়।অভিভাৱক মন্ত্ৰীগৰাকীয়ে চৰকাৰে চাহ বাগিছাসমূহত স্বাস্থ্যখণ্ডৰ বিকাশ আৰু চিকিৎসাসেৱা সহজলভ্য কৰিবলৈ গৃহীত পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে আৰু আগন্তুক দিনতেও চাহ বাগিছা সমূহৰ উন্নয়নৰ বাবে বিভিন্নধৰণৰ সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। লগতে মন্ত্ৰীগৰাকীয়ে তেওঁৰ উদ্বোধনী ভাষণত কয় যে, সিকল চেল এনিমিয়া বিষয়ে চাহ বাগিচাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰা অত্যন্ত প্ৰয়োজনীয়। এই ৰোগে ৰক্তৰ লোহিত কণিকাৰ গঠন সলনি কৰি শৰীৰত অক্সিজেন পৰিবহনৰ ক্ষমতা হ্ৰাস কৰে। সময়মতে পৰীক্ষা আৰু চিকিৎসা গ্ৰহণ কৰিলে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। সেয়েহে সকলোৱে এই বিষয়ে সজাগ হোৱাৰ লগতে ৰক্ত পৰীক্ষা কৰি উপযুক্ত ঔষধ গ্ৰহণ কৰি নিয়মিত বিশ্ৰাম লৈ সুস্থ জীৱন-যাপন কৰে। লগতে পুৰুষ আৰু মহিলা দুয়োগৰাকী যদি সিকল চেল এনিমিয়া ৰোগত আক্ৰান্ত হয় তেতিয়াহ'লে বিৱাহপাশত আৱদ্ধ হ’ব নালাগে । আজিৰ এই অনুষ্ঠানটিত স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পার্মে, সহকাৰী আয়ুক্ত পৰিস্মিতা দিহিঙ্গীয়া ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ খণ্ড মহকুমা স্বাস্থ্য বিষয়া ডাঃ বিজিত বৰা, চাহ বাগানখনৰ প্ৰৱন্ধক শচীন সিং ৰাথোড়, কল্যাণ বিষয়া নকুল চাউৰা, চাহ বাগিচাখনৰ চিকিৎসক ডাঃ যতীন দত্ত, আদি উপস্থিত থাকে। উল্লেখযোগ্য যে, চাহ বাগিচাখনৰ স্বাস্থ্যকৰ্মী দুলেশ্বৰ গোৱালা আৰু ACMS ৰ সম্পাদক জিতেন বৰুৱাই আজিৰ এই অনুষ্ঠানটোৰ সম্পূৰ্ণ ব্যৱস্থাপনাৰ দায়িত্ব গ্ৰহণ কৰে বুলি শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ তথা জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকনে জনাইছে ৷