অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰহা আঞ্চলিক সমিতিয়ে আজি সন্ধ্যা ৰহা পুৰনাচাৰিআলী স্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চ ত মহানায়ক,প্ৰানৰ শিল্পী জুবিন গাৰ্গ ৰ স্মৃতি ত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মা চিৰ শান্তি ৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে আৰু জুবিন গাৰ্গ ক ন্যায় প্ৰদান দাবী চৰকাৰলৈ জনাই।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰহা আঞ্চলিক সমিতিৰ উপদেষ্টা হৰি প্ৰসাদ ৰাজখোৱা,হেমেন নাথ,নিলোৎপল হাজৰিকা,সভাপতি ৰুবুল মুদৈ,ৰহা শাখা সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰং, সম্পাদক লক্ষী প্ৰসাদ ডেকা, শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতিৰ প্ৰধান পৰিচালক অবনি কুমাৰ শইকীয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈ সহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰহা আঞ্চলিক সমিতিৰ সদস্য উপস্থিত থাকে।