শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে বৰ্ষ ১৯৯৪ত স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ,অসম কেন্দ্ৰীয় সমিতি ৰহাই প্ৰত্যেক দেওবাৰে অনুষ্ঠিত হোবা সাপ্তাহিক শ্ৰেণীত হিয়াৰ আমঠু,প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ত শোক প্ৰকাশ কৰি বিদেহী আত্মা চিৰ শান্তি ৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে উপস্থিত কবিতা ঘৰৰ কন কন শিশু, অবিভাবক অবিভাবিকা, শিক্ষক শিক্ষয়ত্ৰী সকলে মায়াবিনী গীত পৰিবেশন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কবিতা ঘৰ কেন্দ্ৰীয় সমিতি ৰ প্ৰধান পৰিচালক অবনি কুমাৰ শইকিয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে জুবিন গাৰ্গৰ দ্বাৰা দি যোৱা অবদানৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাই।
কবিতা ঘৰৰ প্ৰদান সম্পাদক ৰন্টু মুদৈয়ে আগন্তুক পোহৰৰ উৎসব দীপান্বিতা কেবল চাকি বন্তি জলাই পালন কৰাৰ অনুৰোধ জনোৱৰ লগতে জানিব দিয়ে যে জুবিন গাৰ্গৰ স্মৃতি ত যোৱা ২০চেপ্তেম্বৰৰ পৰা কবিতা ঘৰ কেন্দ্ৰীয় সমিতি ৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিত এমহিয়া জুবিন গাৰ্গৰ চিত্ৰ অংকন ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু অহা ২৩অক্টুবৰত চিত্ৰ সমূহ কেন্দ্ৰীয় সমিতিত জমা দিব লাগিব আৰু ১জানুবাৰীত অনুষ্ঠিত হব লগা কবিতা ঘৰৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত বিজয়ী ১০গৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হব।
এই উপলক্ষে কবিতা ঘৰৰ বিষয় ববীয়া, কন কন শিশু, অবিভাবক অবিভাবিকা, শিক্ষক শিক্ষয়ত্ৰী উপস্থিত থাকে।
 
  
  
  
   
   
   
  