ক্ৰীড়া ক্ষেত্ৰখনত নিজে উজ্জ্বলি গাঁওখনক উজ্জ্বলাইছে খুমটাইৰ এগৰাকী ছাত্ৰীয়ে ৷ সৰুৰে পৰা বিভিন্ন খেলৰ সৈতে জড়িত হৈ বৰ্তমান কিক বক্সিঙত ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিছে ছাত্ৰগৰাকী । কলকতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিংত দুটাকৈ পদক লাভ কৰি উজলিল খুমটাইৰ বেতিয়নীৰ এগৰাকী ছাত্ৰী । অসমক প্ৰতিনিধিত্ব কৰি সোণ আৰু ব্ৰঞ্জৰ পদক আজুৰি আনিলে খুমটাইৰ বেতিয়নী গাঁৱৰ বিষ্ণুপ্ৰিয়া বৰুৱাই । কলকাতাত অনুষ্ঠিত হোৱা ৱাক'ৰ কিক বক্সিং নেছনেল চেম্পিয়নশ্বিপত দুটা শাখাত অংশগ্ৰহণ কৰি স্বৰ্ণ আৰু ব্ৰঞ্জ পদক পাবলৈ সক্ষম হয় বিষ্ণুপ্ৰিয়া । বিষ্ণুপ্ৰিয়াৰ সফলতাত গৌৰাৱাম্বিত পিতৃ-মাতৃৰ লগতে বেতিয়নী গাঁওবাসী ।

উল্লেখ যে অহা অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলৈ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিংলৈও নিৰ্বাচিত হৈছে প্ৰতিভাৱান খেলুৱৈ গৰাকী । বৰ্তমান আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজক উজ্জ্বলাবলৈ ব্যস্ত হৈ আছে কঠোৰ অনুশীলনত। গ্ৰামাঞ্চলৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জনৰ উপৰিও আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেললৈ নিৰ্বাচিত হোৱাত আনন্দিত হৈ পৰিছে সকলো । আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সুন্দৰ প্ৰদৰ্শনেৰে ৰাজ্য তথা দেশলৈ স্বৰ্ণ জয় কৰি গৌৰৱ কঢ়িয়াই অনাৰ আশা কৰিছে সকলোৱে ।