শিৱসাগৰঃ ডিমৌ আৰু নাজিৰা বিধানসভা সমষ্টিত "শুশ্রূষা সেতু” শীর্ষক বৃহৎ স্বাস্থ্য শিৱিৰ সফলভাৱে অনুষ্ঠিত হয় ৷ ৰাজ্যজুৰি অনুষ্ঠিত হৈ থকা "সেৱা সপ্তাহ” কাৰ্যসূচীৰ অংশস্বৰূপে শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ ডিমৌ ৰাজহুৱা খেলপথাৰত আৰু নাজিৰা বিধানসভা সমষ্টিৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২৬ ছেপ্তেম্বৰত “শুশ্রূষা সেতু” শীর্ষক বৃহৎ স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হৈ যায় ৷ ডিমৌ পৌৰসভাৰ সভানেত্রী পল্লৱীতা বৰুৱা গগৈ আৰু ডিমৌৰ সম-জিলা আয়ুক্ত মীনাক্ষী পের্মে, সহকাৰী আয়ুক্ত পৰিস্মিতা দিহিঙ্গীয়া, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতা, ডিমৌ ৰাজহ চক্ৰ চক্ৰ বিষয়া অংকন জ্যোতি ফুকন, সহকাৰী আয়ুক্তদ্বয গণেশ চন্দ্র বড়ো আৰু বিদিশা বড়া, ডিমৌ পৌৰসভাৰ কাৰ্যবাহী বিষয়া মৃত্যুঞ্জয় ভৰালী , জিলা তথ্য আৰু গণ সংযোগ বিষয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰা হয় ৷ এই অনুষ্ঠানত স্বাস্থ্য সেৱাৰ বিভিন্ন বিভাগৰ চিকিৎসক, স্বাস্থ্যকর্মীসকলকে ধৰি বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু বহু সংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, শিৱিৰটোত ১৭৯৩ গৰাকী শিশু তথা কিশোৰ কিশোৰীৰ পঞ্জীয়ন কৰা হয় আৰু ইয়াৰে ১১১ গৰাকীক বিশেষ সা-সুবিধা থকা চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হয়। শিৱিৰত স্বাস্থ্যসেৱাৰ সুবিধাৰ বাবে পঞ্জীয়ন ডেস্ক, মোবাইল লেবৰেটৰী, জেনেৰেল লেবৰেটৰী, জেনেৰেল অ'পিডি, আয়ুস আৰু কেন্সাৰ অ'পিডি স্থাপন কৰা হয়। লগতে শিবিৰত ১০ টা বিশেষজ্ঞ বিভাগৰ অধীনত স্বাস্থ্য পৰীক্ষণ আৰু চিকিৎসা সেৱা প্ৰদান কৰা হয়। আনহাতে নাজিৰা বিধানসভা সমষ্টিৰ অনুষ্ঠানটিত আৰম্ভণিতে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্রজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই স্বাস্থ্য মেলাৰ শুভাৰম্ভণি কৰে নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইয়ে। তদুপৰি এই উদ্বোধনী অনুষ্ঠানত নাজিৰা সম-জিলা আয়ুক্ত প্রতিভা মেশ্রাম, ডিমৌ সম-জিলা আয়ুক্ত মীনাক্ষী পেৰ্মে, শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত পৰিশ্মিতা দিহিঙ্গীয়া, নাজিৰা সম-জিলাৰ সহকাৰী আয়ুক্তদ্বয় অৰুণাভ সোণোৱাল আৰু কল্যাণ জ্যোতি হাজৰিকা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন চন্দ্র কলিতা, নডেল বিষয়া ডাঃ সৌভিক ভট্টাচাৰ্য, গেলেকী স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ কোঁৱৰ, তথ্য আৰু গণ সংযোগ বিষয়া (মহকুমা) বৰ্ণালী দত্ত, শিৱসাগৰ জিলা প্ৰকল্প গোটৰ সদস্যসকলৰ লগতে স্বাস্থ্য সেৱাৰ বিভিন্ন বিভাগৰ চিকিৎসক, জিলাখনৰ স্বাস্থ্যকৰ্মী, বিভিন্ন পদত থকা বিষয়া সকলকে ধৰি বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু বিপুল সংখ্যক স্থানীয় ৰাইজে উপষ্ঠিত থাকে। নাজিৰা বিধানসভা সমষ্টিৰ এই বৃহৎ শিৱিৰটোত ১২৪৭ গৰাকী শিশু তথা কিশোৰ কিশোৰীৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ১৬২ গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয়। জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ আৰু জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিয়া অনুযায়ী উক্ত স্বাস্থ্য শিৱিৰ কেইটাত ০-১৮ বৰ্ষৰ শিশু আৰু কিশোৰ- কিশোৰীসকলক বিশেষ গুৰুত্ব প্ৰদান কৰাৰ উপৰিও হৃদযন্ত্ৰ, স্নায়ু, বংশানুক্রমিক ৰোগ, যকৃত, বৃক্ক, চকু আৰু নাক-কাণৰ ৰোগকে ধৰি ৫০ বিধৰো অধিক ৰোগৰ নিৰ্ণায়ক পৰীক্ষাৰ সুবিধা উপলব্ধ কৰোৱা হয়। তদুপৰি পৰবৰ্তী পর্যায়ত যথোপযুক্ত চিকিৎসা প্রদান আৰু বিনামূলীয়া পুনৰীক্ষণৰ ব্যৱস্থা, ৰোগ অনুসৰি পর্যায়ক্রমে উন্নত তথা বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে বিশেষ সা-সুবিধা থকা চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা ইত্যাদি সেৱাও অন্তর্ভুক্ত কৰোৱাৰ উপৰিও বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। দুইটা শিৱিৰতে স্বাস্থ্যসেৱাৰ সুবিধাৰ বাবে পঞ্জীয়ন ডেস্ক, মোবাইল লেবৰেটৰী, জেনেৰেল লেবৰেটৰী, জেনেৰেল অ'পিডি, আয়ুস আৰু কেন্সাৰ আ'পিডি স্থাপন কৰা হয় আৰু ১০ টা বিশেষজ্ঞ বিভাগৰ অধীনত স্বাস্থ্য পৰীক্ষণ আৰু চিকিৎসা সেৱা প্ৰদান কৰা হয়।ডিমৌ বিধানসভা সমষ্টিৰ বৃহৎ স্বাস্থ্য শিৱিৰত ৰাজ্যিক পৰ্য্যৱেশক তথা অসম ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰিকল্পনা পৰামৰ্শদাতা নীলিম বৰা, ডাঃ সবিতা দাস, খণ্ড মহকুমা স্বাস্থ্য বিষয়া ও ডি এইচ এছ এফ ডব্লিউৰ সহায়ক জিতেন গগৈ, কাৰ্য্যকৰী প্ৰধান, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, অটল অমৃত অভিযান সমিতি আৰু জয়ন্ত দে’, ষ্টেট. এছ ভি এল এম উপস্থিত থাকে ৷