অসম সন্তান,আপোন শিল্পী,হাৰ্টথ্ৰুব জুবিন গাৰ্গ ৰ মৃত্যু বাতৰি যোবা ১৯চেপ্তেম্বৰত পোবাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ স্তব্ধ হৈ পৰে আৰু বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে বন্তি প্ৰজ্বলন আৰু ব্যবসায় সকলে ব্যবসায় প্ৰতিষ্ঠান বন্ধ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।
মংগলবাৰে সহস্ৰাধিক ৰাইজ ৰ উপস্থিতি ত সোনাপুৰত হিয়াৰ আমঠু জুবিন গাৰ্গ ৰ অন্তেষ্টিক্ৰীয়া সম্পন্ন হোবাৰ পাছত আজি বিয়লী ৰহা আঞ্চলিক সাংবাদিক সন্থাই জুবিন গাৰ্গ ক শ্ৰদ্ধাঞ্জলি জনাই।
ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোগত সন্থাৰ কাৰ্য্যালয় ৰ সন্মুখত সাংবাদিক ভবজ্যোতি ডেকাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মাই বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে উপস্থিত সকলোৱে এশ গছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি বিদেহী আত্মা চিৰ শান্তি ৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে আৰু সকলোৱে হাৰ্টথ্ৰুবৰ জনপ্ৰিয় গীত মায়াবিনী পৰিবেশন কৰে আৰু জয় জুবিন দা, জুবিন দা অমৰ হক ধ্বনিৰে মুখৰিত কৰি তুলে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰহা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,মানৱ অধিকাৰ সংগ্ৰাম সমিতি,তিৱা ছাত্ৰ সন্থা, ৰহদৈ বাৰোৱাৰী যুৱ মঞ্চ, ৰহা সাৰ্বজনীন দূৰ্গা পুজা সমিতি,ৰহা পুৰনাচাৰিআলী দূৰ্গা পুজা উৎসৱ উদযাপন সমিতি,ৰহা শাখা সাহিত্য সভা,শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম,কেন্দ্ৰীয় সমিতি ৰহা,ৰহা পৌৰসভা ব্যবসায়,ৰহা আঞ্চলিক সাংবাদিক সন্থা,স্থানীয় ৰাইজ,কন কন শিশু, মহিলা সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ বিষয় ববীয়া, সদস্য উপস্থিত থাকি আপোন শিল্পীক শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰে।