ৰহাৰ চাপৰমুখ সিং গাঁও স্থিত দ্বিতীয় ঐতিহাসিক গুৰুদ্বাৰা মাতাজীত বীৰ বাল দিৱস আৰু দশম গুৰু গোবিন্দ সিং জীৰ জয়ন্তি পালন কৰা হয়।
চাপৰমুখ শিখ যুৱ সন্থা ৰ উদ্যোগত আৰু গুৰুদ্বাৰা মাতাজী প্ৰবন্ধক কমিটিৰ সহযোগত চাৰচাহেবজাদা বীৰ বাল দিৱস আৰু শিখ সকলৰ দশম গুৰু গোবিন্দ সিংজীৰ জয়ন্তি উপলক্ষে পূবা গুৰুদ্বাৰা মাতাজীত আশা দিবাৰ ভোগ আৰু শবদ কীৰ্তন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সমস্ত ক্ষেত্ৰ শবদ কীৰ্তনেৰে ভক্তিময় কৰি তুলে।
লগতে এই উপলক্ষে সন্ধ্যা চাপৰমুখ শংকৰ মন্দিৰৰ সন্মুখত শিখ যুৱ সন্থাই পথচাৰিৰ মাজত চাহ আৰু নাস্তা বিতৰন কৰাৰ লগতে আৰ্থিক ভাবে দুৰ্বল পদ পথৰ লোক সকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰে।
এই উপলক্ষে শিখ যুৱ সন্থাৰ সভাপতি সৰদাৰ আজমিৰ সিং,সম্পাদক জচপাল সিং সহ শিখ যুৱ সন্থা আৰু গুৰুদ্বাৰা মাতাজী প্ৰবন্ধক কমিটিৰ বিষয় ববীয়া আৰু সদস্য সদস্যা উপস্থিত থাকে।