অহাকালি বিশ্ব খনিকৰ,শ্ৰীবিশ্বকৰ্মা পুজা,সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো পুজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোবাৰ লগতে মৃৎ শিল্পী সকলে প্ৰায় সম্পূৰ্ণ কৰিছে বিশ্বকৰ্মা প্ৰতিমা নিৰ্মাণ কাৰ্য্য আৰু মৃৎ শিল্পী সকলৰ ঘৰৰ পৰা পুজা পেণ্ডেললৈ প্ৰভু বিশ্বকৰ্মাৰ প্ৰতিমা লৈ যোবা হব।ৰহা ট্ৰাক চালক সন্থা, ৰহা শ্ৰমিক উন্নয়ন সমিতি,ৰহা টেম্পু চালক সন্থা লগতে বিভিন্ন কল কাৰখানা,ৰহা বিদ্যুৎ উপ সংমণ্ডল লগতে বিভিন্ন স্থানত বিশ্বকৰ্মা পুজা ৰ আয়োজন কৰা হৈছে।

   অহাকালি পুবা পুবা প্ৰভু বিশ্বকৰ্মাৰ পুৰোহিত ৰ বৈদিক মন্ত্ৰচাৰনেৰে পুজা অৰ্চনা কৰা লগতে বিয়লী নামতি দলৰ দ্বাৰা নাম কীৰ্তন পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি তুলা হব।

          লগতে বিশ্বকৰ্মা পুজা ৰ বাবে আজি ৰহা বজাৰত নানা ৰংগী ফুল মালা, পূজাৰ বাবে পুজা সমগ্ৰী আৰু ফল মূলৰ বজাৰ বহা পৰিলক্ষিত হোবাৰ লগতে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয়।

       গ্ৰাগকে পূজাৰ বাবে নানা ফল মূল সহ পুজা সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হয়।