ৰহা ৰ ডিমৌচাৰিআলী স্থিত ৰাজহুৱা ভবনত দিনৰ ১১বজাত অনুষ্ঠিত ৰোগাক্ৰান্ত লোকসকলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান অনুষ্ঠানত ৰহা সমষ্টি বিধায়ক শশীকান্ত দাসে আৰোগ্য নিধি আঁচনিৰ অধিনত ৬১নং ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১হাজাৰ লোক সকলৰ মাজত মুঠ ৭৫লাখ টকাৰ চেক বিতৰন কৰে।

      চেক বিতৰন কৰি বিধায়ক শশীকান্ত দাসে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰি ৰাজ্য চৰকাৰৰ দ্বাৰা লোবা বিভিন্ন জনকল্যান মূলক আঁচনি ৰ বিষয়ে অবগত কৰে আৰু কয় যে আজিৰ অনুষ্ঠানত আৰোগ্য নিধি আঁচনিৰ অধিনত কৰ্কট ৰোগীৰ লগকে অন্য বেমাৰ আজাৰৰ লোকসকললৈ আৰ্থিক সাহায্য ৰ চেক বিতৰন কৰা হয়।

    চাপৰমুখ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতী জনাৰ্দন শইকীয়াই আঁত ধৰা অনুষ্ঠানত নগাঁও জিলা বিজেপি ৰ সভাপতি ৰঞ্জিত বৰদলৈ,উপ সভাপতি সুবৰ্ন সিং,তিৱা স্বায়ত্ব পৰিষদ ৰ কাৰ্য্যবাহী সদস্য সুৰুজ কোঁৱৰ, ৰহা সমজিলা আয়ুক্ত ড° অংকিতা বৰা সহ ৰহাৰ বিভিন্ন বিজেপী মণ্ডল ৰ সভাপতি,সম্পাদক, জিলা পৰিষদৰ সদস্য সদস্যা সহ বিজেপি ৰ নেতা কৰ্মী আৰু সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।