শিৱসাগৰ---সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰমৰ উদ্যোগতো জিলাখনৰ আকাশ ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত ১০ ছেপ্তেম্বৰ, বুধবাৰে "বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস" উদ্‌যাপন কৰা হয়। শিৱসাগৰ জিলাৰ মানসিক স্বাস্থ্য কাৰ্যক্ৰমৰ জিলা আঁচনি বিষয়া ডাঃ ৰাজীৱ পাংগিংৰ তত্বাৱধানত ও সভাপতিত্বত এই দিৱস উপলক্ষে এক সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত ডাঃ ৰাজীৱ পাংগিং এ আত্মহত্যাৰ আৰু হীনমান্যতাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়ে এক মননশীল বক্তব্য আগবঢ়ায়। আনহাতে ক্লিনিকেল চাইক’লজিষ্ট পল্লৱী চাহুৱে মানসিক অৱসাদ, মানসিক ৰোগৰ লক্ষণ আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়ে এক চমু বক্তব্য দাঙি ধৰাৰ লগতে Tele Manash ৰ বিষয়ে আলোচনা কৰে আৰু মানসিক দুৰ্বলতা বা মানসিক ৰোগ সম্পৰ্কীয় কিবা পৰামৰ্শৰ প্ৰয়োজন হ'লে ছাত্ৰ-ছাত্ৰীয়ে Toll Free Number -14416 ত যোগাযোগ কৰিব পাৰিব বুলি জানিব দিয়ে। জিলা স্বাস্থ্য সমিতিৰ তত্ত্বাৱধানত অনুষ্ঠিত আৰু যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা উক্ত সজাগতা সভাত আকাশ ইনষ্টিটিউটৰ সঞ্চালক লীলা গগৈ, শিৱসাগৰ জিলা গণমাধ্যম তথা জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকন আদি উপস্থিত থাকে ৷