ৰহা চাপৰমুখৰ বাবে গৌৰৱ ৰ বিষয় যে চাপৰমুখ ৰ সু সন্তান তথা পাৱাৰগ্ৰিড কৰ্পৰেচনৰ প্ৰাক্তন কাৰ্য্যবাহী সঞ্চালক উপানন্দ কটকী অসম বিদ্যুত নিয়ামক আয়োগৰ সদস্য (টেকনিকেল) ৰুপে নিযুক্তি লাভ কৰে।

       এই খবৰ পাই উৎফুল্লিত হৈ পৰে ৰহা চাপৰমুখ ৰ ৰাইজ আৰু বিভিন্ন ব্যক্তি আৰু দল সংগঠনে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

   যোৱা ১ চেপ্তেম্বত অসম সচিবালয়ত বিদ্যুত বিভাগৰ সচিব আৰু অন্যান্য বিষয়া সকলৰ উপস্থিতিত ৰাজ্যৰ মুখ্য সচিব গৰাকীয়ে কটকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়।