আজি অভিৰুচি ক্ৰীড়া দিৱস ,অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱা ৰ জন্মদিন অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।

   সমগ্ৰ ৰাজ্যত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰাৰ সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থা ৰহা আঞ্চলিক সমিতিৰ সভাপতি সঞ্জয় কুমাৰ কাকতি আৰু সম্পাদক ভাৰত বৰুৱাই অভিৰুচি ক্ৰীড়া দিৱস লগত সংগতি ৰাখি খেলৰ লগত জড়িত তথা পদক লৈ ৰহালৈ গৌৰৱ কঢিয়াই অনা ৪গৰাকী ব্যক্তিক সম্বৰ্ধনা জনাই।

   ৰহা আঞ্চলিক ছাত্ৰ সন্থাই ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ মুখ্য প্ৰশিক্ষক তথা ৩ডান ব্লেক বেল্ট নিত্য কুমাৰ পাতৰ, ৰহাত যোগৰ প্ৰচাৰ প্ৰসাৰত অবদান দি অহা যোগ গুৰু ৰাম নিবাস শৰ্মা,সমৰকলাত সোনৰ পদক লৈ গৌৰৱ কঢিয়াই অনা দিব্যজ্যোতি দাস আৰু ৰহা কাৰাটে ক্লাবৰ প্ৰশিক্ষক তথা ৯বাৰ ৰাজ্যিক প্ৰৰ্য্যায়ত আৰু ২বাৰ নৰ্থ ইষ্ট প্ৰৰ্য্যাত সোনৰ পদক লৈ গৌৰৱ কঢিয়াই অনা অংকুৰ দাসক এটা এটা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই অভিৰুচি ক্ৰীড়া দিৱস শুভেচ্ছা জ্ঞাপন কৰে।

    লগতে ৰহা আঞ্চলিক ছাত্ৰ সন্থা আৰু কাৰাটে প্ৰশিক্ষক নিত্য কুমাৰ পাতৰে ৰহা ইন্দোৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৰাজ্য ৰ মুখ্যমন্ত্ৰী, ক্ৰীড়া মন্ত্ৰী আৰু ৰহা সমষ্টিৰ বিধায়কলৈ অনুৰোধ জনাইছে।