ৰহা কটহগুৰি নিবাসী তথা বিশিষ্ট তবলা বাদক, সাংস্কৃতিক কৰ্মী, সমাজসেৱী,অভিনেতা বুপ্তি ডেকাৰ আদ্য শ্ৰাদ্ধ উপলক্ষে আজি অঞ্চলৰ ৰাইজৰ উদ্যোগত তথা জ্যেষ্ঠ সাংবাদিক সুভাষ ডেকা ৰ সভাপতিত্বত বিয়লী ৫বজাৰ পৰা অনুষ্ঠিত হোবা স্মৃতিচাৰন সভাত উপস্থিত সকলোৱে প্ৰয়াত ডেকাৰ প্ৰতিচ্ছবি ৰ সন্মুখত পুষ্পাঞ্জলী অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এক মিনিট মৌন প্ৰাৰ্থনা কৰি বিদেহী আত্মা চিৰ শান্তি কামনা কৰাৰ লগতে শোক স্মতপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
স্মৃতিচাৰন সভাত স্থানিয় শিল্পী আৰু প্ৰয়াত বুপ্তি ডেকাৰ সহযোগী সকলে গীতেৰে শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰাৰ লগতে তিৱা সাহিত্য সভাৰ সভাপতি ড° বিদ্যুৎ বিকাশ সেনাপতি, ৰহা শাখা সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰং, সম্পাদক লক্ষী প্ৰসাদ ডেকা, তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য সুৰুজ কোঁৱৰ, কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয় ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চন্দ্ৰ ডেকা আৰু প্ৰয়াত ডেকাৰ সহযোগী ৰঞ্জন কোঁৱৰে বুপ্তি ডেকাৰ দ্বাৰা সাংস্কৃতিক, সামাজিক ক্ষেত্ৰত দি অহা অবদানৰ ওপৰত বক্তব্য ৰাখে।
স্মৃতিচাৰন সভাত ৰনথলি গাঁও পঞ্চায়তৰ সভাপতি পাৰ্থপ্ৰতিম কোঁৱৰ, প্ৰয়াত ডেকাৰ ভতিজা তথা সাংবাদিক ভৱজ্যোতি ডেকা,ৰহা আঞ্চলিক মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, ৰুপহিতুলি কোচ যুৱক সংঘ, কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয়,কটহগুৰি জনসেৱা পুথিভঁৰাল সমিতি, ৰহা আঞ্চলিক শিল্পী কানন,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ প্ৰতিনিধি সহ স্থানিয় ৰাইজ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন ৰ প্ৰতিনিধি,প্ৰয়াত বুপ্তি ডেকাৰ পত্নী,কন্যা,পুত্ৰ,বোৱাৰী সহ পৰিয়ালবৰ্গ আৰু গনমান্য ব্যক্তি উপস্থিত থাকি অশ্ৰুশীত নয়নেৰে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি স্মৰন কৰে।