সমাগত শাৰদীয় দূৰ্গোৎসব,অহা ২৮চেপ্তম্বৰৰ পৰা ২অক্টোবৰ লৈকে অনুষ্ঠিত হব শাৰদীয় দুৰ্গা পূজা।এইবাৰ মা দুৰ্গাৰ আগমন গজত হোবাৰ লগতে গমন হব দোলাত।
সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখতো আগন্তুক শাৰদীয় দুৰ্গা পুজা ৰ বিভিন্ন সমিতিৰ দ্বাৰা ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা সমজিলা ৰ মাজমজিয়াত অনুষ্ঠিত হব ৪খন দুৰ্গা পুজা।
ৰহাৰ মাজমজিয়াত ৰহা সাৰ্বজনীন দূৰ্গা পুজা, ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উদযাপন, ৰহা ৰহদৈ বাৰোবাৰী দুৰ্গা পুজা আৰু ৰহা জ্যোতি সংঘ দুৰ্গা পুজা সমিতিৰ দুৰ্গা পুজা অনুষ্ঠিত হোবাৰ লগতে ৰহাৰ বাৰপুজীয়া,দিঘলদৰী,বামুনিজান,খৰিহতুলি,আমচৈ,ফুলগুৰি সহ ৰহাত প্ৰায় ২৩খন পুজা অনুষ্ঠিত হৈ আছে।
অহা ২৭চেপ্তেম্বৰত পুজা পেণ্ডেলত মাৰ প্ৰতিমা বিৰাজমান হব।
অহা ২১চেপ্তেম্বৰত মহালয়া,মহালয়াত মাৰ ধৰাত আগমন হোবাৰ লগতে ২৭চেপ্তেম্বৰত শাৰদীয় দূৰ্গা দেৱীৰ বোধন,২৮চেপ্তেম্বৰত মহাষষ্ঠী কলহ স্থাপন,পুজা অৰ্চনা,সন্ধ্যা মাৰ আমন্ত্ৰন আৰু অধিবাস।
২৯চেপ্তেম্বৰত ৮বাজি ১৬মিনিটৰ পৰা পুৰ্ব্বাহ্ন ৯বাজি ১৬মিনিটৰ ভিতৰত নবপত্ৰিকা প্ৰবেশ, মহাসপ্তমী কলহ স্থাপন, পুজা অৰ্চনা কৰা হব।
৩০চেপ্তম্বৰত মহা অষ্টমী বিহিত কলহ স্থাপন, পূজা অৰ্চনা কৰা হব।
১অক্টোবৰত মহানৱমী বিহিত কলহ স্থাপন, পূজা অৰ্চনা কৰাৰ লগতে ২অক্টোবৰ মহাদশমীত পুবা ৯বাজী ১৫মিনিটৰ ভিতৰত শাৰদীয়া দুৰ্গা দেৱীৰ দশমী বিহিত পুজা অৰ্চনা সমাপন কৰা হব আৰু অপৰাজিতা পুজা আৰু পৰিধান।
বিয়লী ৩বজাত দেৱীৰপ্ৰতিমালৈ চহৰ ভ্ৰমন কৰি জল বিসৰ্জন দিয়া হব।
আগন্তুক শাৰদীয় দুৰ্গা পুজা ক লৈ ৰহাতো ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।